নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নালাপাৰাত নগদ ধনসহ দুই আইপিএল বুকীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটীতো সক্রিয় হৈ পৰিছে আইপিএল বুকী৷ ক্রাইম ব্রাঞ্চে লাভ কৰা তথ্যৰ ভিত্তিত পৰহি নিশা বশিষ্ঠৰ নালাপাৰাত অভিযান চলাই দুটা আইপিএল বুকীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

অভিযানকাৰী দলটোৱে গ্রেপ্তাৰ কৰা বুকী দুটা ক্রমে ৰবি পূর্বে (৩২) আৰু ৰিংকু পূর্বে (২২)৷ ধৃত দুই বুকীৰ পৰা নগদ ২৩ হাজাৰ টকাৰ লগতে ম’বাইল ফোন জব্দ কৰে৷ কালি দুই বুকীক আদালতত হাজিৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ উল্লেখ্য যে গুৱাহাটীৰ ফাঁচীবজাৰত এটা শক্তিশালী চক্রই আইপিএলৰ জুৱা চলাই আছে যদিও এতিয়ালৈকে এই চক্রটোক উৎখাত কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী৷

You might also like