নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব এথলেটিকছ ৰীলেৰ পৰা বঞ্চিত হিমা দাস, দুতী চান্দ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ টকিঅ’ অলিম্পিকৰ যোগ্যতা নির্ণায়ক প্রতিযোগিতা বিশ্ব এথলেটিকছ ৰীলেৰ পৰা বঞ্চিত হ’ল দেশৰ আগশাৰীৰ এথলীট হিমা দাস আৰু দুতী চান্দ৷ পোলেণ্ডত অহা ১–২ মে’ত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ বাবে ভাৰতীয় মহিলা আৰু পুৰুষ ৰীলে দল দুটা বৃহস্পতিবাৰে নিশা আমষ্টাৰডাম হৈ পোলেণ্ডত উপস্থিত হোৱাৰ কথা আছিল৷ কিন্তু ভাৰতত মহামাৰী ক’ভিড–১৯ৰ ভয়ংকৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি নেদাৰলেণ্ড চৰকাৰে ভাৰতৰ পৰা যোৱা বিমানৰ প্রৱেশ নিষিদ্ধ কৰাত বিপদত পৰিছে ভাৰতীয় এথলীটসকল৷

ভাৰতীয় এথলেটিকছ ফেডাৰেচনে আমষ্টাৰডামৰ পৰিৱর্তে ইউৰোপৰ আন চহৰ হৈ পোলেণ্ডলৈ যোৱা বিকল্প বিমানৰ টিকট বুকিং কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এইপর্যন্ত ভাৰতীয় দলৰ ভ্রমণ নিশ্চিত হোৱা নাই৷ উল্লেখ্য যে ভাৰতৰ পৰা পোলেণ্ডলৈ পোনপটীয়াকৈ যোৱা বিমানৰ কোনো ব্যৱস্থা নাই৷ প্রতিযোগিতাখনত অংশ ল’ব নোৱাৰিলে ভাৰতীয় পুৰুষ আৰু মহিলা ৰীলে দলে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সপোন ধূলিসাৎ হ’ব৷ বিশ্ব এথলেটিকছ ৰীলেৰ শীর্ষ ৮টা দলে টকি’ অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অর্জন কৰিব৷ মহিলা দলটোত হিমা আৰু দুতী চান্দৰ সৈতে আছিল নৱাগত তাৰকা এছ ধনলক্ষ্মী৷

You might also like