নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেংগেৰু বাহিনীৰ প্রথম বিশ্বজয়

নিয়মীয়া বাৰ্তা ১৫  নৱেম্বৰঃ ক্রিকেট বিশ্বত পুনৰ আৰম্ভ হ’ল অষ্ট্রেলিয়াৰ আধিপত্য৷ ২০১৫ৰ পাছত কোনো আইচিচি ইভেণ্টত খিতাপ জয় কৰিব নোৱাৰা কেংগেৰু বাহিনীয়ে দেওবাৰে টি–২০ বিশ্বকাপত চেম্পিয়ন  হৈ ইতিহাস ৰচিলে৷ ডুবাইত অনুষ্ঠিত ফাইনেলত আৰন ফিনছ নেতৃত্বাধীন দলটোৱে নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি টি–২০ বিশ্বকাপত প্রথমবাৰলৈ খিতাপ জয় কৰিবলৈ সক্ষম হয়৷ ১৭৩ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ দলটোৱে মাত্র দুটা উইকেট হেৰুৱাই ৭টা বল বাকী থকা অৱস্থাত স্মৰণীয় জয়ৰ সোৱাদ লাভ কৰে৷ অষ্ট্রেলিয়াৰ এই দুর্দান্ত জয়ৰ মূলতে আছিল তাৰকা বেট্ছমেন মিচেল মার্শ্ব আৰু অভিজ্ঞ অলৰাউণ্ডাৰ ডেভিদ ৱার্নাৰৰ বিস্ফোৰক বেটিং৷ মার্শ্বে মাত্র ৫০ বলৰ সন্মুখীন হৈ ৬টা বাউণ্ডেৰী আৰু ৪টা অভাৰ বাউণ্ডেৰীৰ সহায়ত অপৰাজিতভাৱে ৭৭ ৰানৰ অনবদ্য ইনিংছ খেলে৷ ৱার্নাৰে ৩৮ বলত ৪টা বাউণ্ডেৰী আৰু ৩টা ছিক্সাৰেৰে ৫৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ অধিনায়ক আৰন ফিনছৰ (৫) উইকেট আৰম্ভণিতে হেৰুৱাই অষ্ট্রেলিয়াই চাপৰ সন্মুখীন হৈছিল যদিও ৱার্নাৰ আৰু মার্শ্বে চমকপ্রদ বেটিঙেৰে কেংগেৰু বাহিনীক ৰোমাঞ্চকৰ জয়ৰ দিশে আগুৱাই নিয়ে৷

অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলেও অপৰাজিত ২৮ ৰানৰ সুন্দৰ ইনিংছ খেলে৷ তেওঁ ১৮টা বলত ৪টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবায়৷ নিউজিলেণ্ডৰ হৈ ট্রেণ্ট বল্টে ১৮ ৰান ব্যয় কৰি দুটা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি নিউজিলেণ্ড অধিনায়ক কেন উইলিয়ামছনৰ দৃঢ়তাপূর্ণ ৮৫ ৰানৰ সহায়ত ৪ উইকেটৰ বিনিময়ত ১৭২ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ উইলিয়ামছনে ৪৮টা বলত ১০টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰীৰে ৮৫ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ অষ্ট্রেলিয়াৰ তাৰকা বেগী বলাৰ জ’ছ হেজলউডে মাত্র ১৬ ৰান ব্যয় কৰি ৩টা উইকেট পায়৷

মন কৰিবলগীয়া যে অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডে প্রথমবাৰৰ বাবে টি–২০ বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰিছিল৷ ইয়াৰ পূর্বে ২০১৯ৰ এদিনীয়া বিশ্বকাপৰো ফাইনেলত প্রৱেশ কৰি নিউজিলেণ্ডে খিতাপ জয়ৰ সপোন জগাই তুলিছিল যদিও ইংলেণ্ডৰ হাতত বিতর্কিত পৰাজয়ৰ গ্লানি বহন কৰিবলগীয়া হৈছিল৷ ইফালে, এদিনীয়া বিশ্বকাপত অভিলেখসংখ্যক ৫বাৰ চেম্পিয়ন হোৱা অষ্ট্রেলিয়াই এতিয়ালৈকে টি–২০ বিশ্বকাপৰ খিতাপত চুম্বন দিব পৰা নাছিল৷ কিন্তু দলটোৱে  নিউজিলেণ্ডক স্তব্ধ কৰি এই দীর্ঘদিনীয়া সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হয়৷

You might also like