নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনে জ্বলিছে ভৈৰৱকুণ্ডৰ মানৱসৃষ্ট অৰণ্য

মুনাফাৰ অভিসন্ধিৰে সেউজ ভূমিত অগ্ণিসংযোগ দুষ্ট চক্রৰ

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ একমাত্র নিজ মুনাফাৰ বাবেই একাংশ স্বার্থান্বেষী–ধুৰন্ধৰ্ লোকে প্রকৃতি ধ্বংসৰ দৰে কু–কার্যত কিদৰে লিপ্ত হৈ আহিছে, তাৰ বাস্তৱ তথা নির্মম উদাহৰণ হৈ পৰিল অসমৰ বুকুত গঢ়ি উঠা এখন মানৱসৃষ্ট অৰণ্য৷ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সমীপৱর্তী অঞ্চলত ধনশ্রী–চিকাৰীডাংগা জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটী (জেএফএমচি)ৰ দ্বাৰা পৰিচালিত সেউজ অৰণ্যখনত জ্বলাই দিয়া হৈছে জুই৷ ভূমি দখলৰ অভিসন্ধিৰে কালি নিশা কোনো দুষ্ট চক্রই অগ্ণিসংযোগৰ আশংকা কৰা অৰণ্যখনত দুদিন ধৰি জুই জ্বলি আছে৷

এফালৰ পৰা জুইত পুৰি ছাই হৈছে অৰণ্যখনৰ লহপহীয়া অপৈণত গছ–গছনিসমূহ৷ ধনশ্রী–চিকাৰীডাংগা জেএফএমচিৰ অন্তর্গত মাইব্রা কেম্পৰ চৌহদত কালি অগ্ণিকাণ্ডৰ সূত্রপাত ঘটিছিল৷ পিছে আজিৰ দিনটোত জুইৰ লেলিহান শিখাই অৰণ্যখনৰ সেউজ ভূমিৰ সর্বত্র ছানি ধৰে৷ ফলত লাখ লাখ লহপহীয়া গছ–গছনিসমূহৰ লগতে অৰণ্যখনত থিতাপি লোৱা জীৱ আৰু পক্ষীকুলৰ জীৱনলৈও সংশয় নামি আহিছে৷ কিন্তু অতি ৰহস্যজনক কথাটো হ’ল– ধনশ্রী–চিকাৰীডাংগা জেএফএমচিৰ তৰফৰ পৰা অগ্ণিকাণ্ডৰ বিষয়ে প্রশাসন তথা অগ্ণিনির্বাপক বাহিনীক জনোৱা হোৱা নাই৷ অগ্ণিকাণ্ডৰ প্রকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাহ যদিও কোনো লোকে ডদ্দেশ্যপ্রণোদিতভাৱ্ অৰণ্যখনত দুষ্ট চক্রই নিজ অভিসন্ধি সিদ্ধিৰ স্বার্থত অগ্ণিসংযোগ কৰাৰ আশংকা প্রকাশ কৰি ঘটনাৰ তদন্ত কৰিবলৈ প্রশাসনক আহ্বান জনাহছে স্থানীয় প্রকৃতিপ্রেমীসকলে৷

উল্লেখ্য যে ধনশ্রী বন সংমণ্ডলৰ উদ্যোগত বিগত ২০১৪ বর্ষত স্থানীয় সাতখন গাঁৱৰ ডদ্যমী যুৱকসকলক লগত লৈ ধনশ্রী–চিকাৰীডাংগা নামেৰে এখন যৌথ বন পৰিচালনা সমিতি গঠন কৰি ধনশ্রী সংৰক্ষিত বনাঞ্চলৰ মাটিত গছ ৰোপণ আৰম্ভ কৰিছিল৷ প্রায় ৬০০ হেক্টৰ মাটিত বন বিভাগৰ ডদ্যোগত তথা ধনশ্রী–চিকাৰীডাংগা জেএফএমচিৰ সহযোগত ২০১৪ চনৰ পৰা আজিলৈকে প্রায় ১২ লাখ গছপুলি অৰণ্যখনত ৰোপণ কৰা হৈছে৷ গছপুলিবোৰ লহপহকৈ বাঢ়ি এক সুন্দৰ সেডজ নান্দনিক পৰিৱেশ সৃষ্টি হৈছিল ভৈৰৱকুণ্ডৰ পূব প্রান্তত অৱস্থিত অৰণ্যখনত৷ এহ সুন্দৰ প্রাকৃতিক পৰিৱেশৰ বাবেহ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ পর্যটকৰ আগমন আৰম্ভ হৈছিল মানৱসৃষ্ট অৰণ্যখনলৈ আৰু জেএফএমচিৰ সদস্যসকলে অৰণ্যৰ ভিতৰত গঢ়ি তোলা মাহব্রা কেম্পত থাকি নৈসর্গিক প্রাকৃতিক শোভা ডপভোগ কৰিছিল পর্যটকসকলে৷

পর্যটকৰ আগমনৰ প্রতি লক্ষ্য ৰাখি মাহব্রা কেম্পত থকা–খোৱাৰো ব্যৱস্থা কৰিছিল জেএফএমচিৰ সদস্যসকলে৷ ২০১৪ চনৰ পূর্বলৈকে কেৱল শিল আৰু বালিৰে ভৰি পৰা এহ অঞ্চলত এক সুন্দৰ মানৱসৃষ্ট অৰণ্য গঢ়ি উঠাৰ পাছত ভূটান তথা অৰুণাচল পাহাৰৰ পৰা হাতীৰ জাকৰ লগতে অন্যান্য বনৰীয়া জন্তুৰ আগমন আৰম্ভ হৈছিল৷ অতি কম সময়ৰ ভিতৰতেহ এক সুন্দৰ হকো টুৰিজম স্পটত পৰিণত হোৱা ধনশ্রী–চিকাৰীডাংগা জেএফএমচিত পূর্বে দুর্বৃত্তহ কেইবাবাৰো অগ্ণিসংযোগ কৰিছিল৷

অৱশ্যে বাৰিষাৰ বতৰত অগ্ণিসংযোগৰ ঘটনা সংঘটিত হোৱাৰ বাবে অৰণ্যখনৰ বিশেষ ক্ষতি হোৱা নাছিল৷ কিন্তু এইবাৰ খৰালিত হোৱা এহ অগ্ণিকাণ্ডৰ ফলত মানৱসৃষ্ট অৰণ্যৰ বিস্তৰ ক্ষতি হোৱাৰ আশংকা কৰা হৈছে৷ কিন্তু অৰণ্য পৰিচালনাৰ দায়িত্বত থকা জেএফএমচিৰ বিষয়ববীয়া তথা সদস্যসকলে কি কাৰণে অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে প্রশাসন তথা অগ্ণিনির্বাপক বাহিনীক খবৰ নিদিলে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ বাৰে বাৰে ডক্ত মানৱসৃষ্ট অৰণ্যত সংঘটিত হৈ থকা অগ্ণিকাণ্ডৰ ঘটনাৰ ডচিত তদন্ত কৰি অৰণ্যখন সুৰক্ষিত কৰিবলৈ বন বিভাগ তথা জিলা প্রশাসনক স্থানীয় প্রকৃতিপ্রেমী লোকসকলে আহ্বান জনাহছে৷

You might also like