নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেক্সৱেলক অতিক্রম কৰি আইপিএলৰ ইতিহাসত দ্রুতগতিত ৫০০ ৰান সংগ্রহ বৈভৱৰ

ডিজিটেল ডেস্ক, ২৪ এপ্রিল : আইপিএল ২০২৬ত নতুন ইতিহাস গঢ়িলে বৈভৱ সূর্যবংশীয়ে৷ আইপিএল কেৰিয়াৰত ৫০০ ৰান সম্পূর্ণ কৰি তেওঁ টুর্ণামেণ্টৰ ইতিহাসত দ্রুততম ৰান সংগ্ৰহৰ কৃতিত্বৰ অধিকাৰী হৈছে৷ ৰাজস্থান ৰয়েলছৰ ১৫ বছৰীয়া তৰুণ ক্রিকেটাৰগৰাকীয়ে এই কৃতিত্ব অর্জন কৰিছে ২২৭ বলত৷ ইয়াৰ পূর্বে এই অভিলেখ আছিল গ্লেন মেক্সৱেলৰ দখলত, যিয়ে ২৬০ বলত ৫০০ ৰান কৰিছিল৷ তালিকাত ইয়াৰ পিছত আছে বীৰেন্দ্র সেহৱাগসহ আৰু কেইবাজনো তাৰকা বেটছমেন৷

সেই তালিকাত শীর্ষস্থান দখল কৰিছে বৈভৱ সূর্যবংশীয়ে৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মেচত মাত্র ২ ৰান কৰিয়ে এই মাইলষ্টোন স্পর্শ কৰে বৈভৱে৷ একানা ষ্টেডিয়ামত এই কৃতিত্ব অর্জনৰ লগে লগে আইপিএলৰ ইতিহাসত নিজৰ নামত আৰু এটা অভিলেখ সংযোজন কৰিলে সূর্যবংশীয়ে৷

বিগত ছিজনতে সূর্যবংশীয়ে দৃষ্টি আকর্ষণ কৰিছিল সকলোৰে৷ মাত্র ১৪ বছৰ বয়সত ২০৬ৰ বেছি ষ্ট্রাইক ৰেটত ২৫২ ৰান কৰি ‘শ্রেষ্ঠ ষ্ট্রাইকাৰ’ হৈছিল৷ এইবাৰ ২০২৬ৰ ছিজনত তেওঁ আন এক বিধ্বংসী ৰূপ দেখুৱাইছে, তেওঁৰ ষ্ট্রাইক ৰেট ২৩৫ৰ ওচৰা–উচৰি৷ কিন্তু এই মেচত ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে তেওঁ৷ ১১ বলত ৮ ৰান কৰি আউট হয় সূর্যবংশী৷ এয়া তেওঁৰ আইপিএল কেৰিয়াৰৰ অন্যতম লেহেমীয়া ইনিংছ, য’ত প্রথমবাৰৰ বাবে তেওঁৰ ষ্ট্রাইক ৰেট ১০০ৰ তলত নামি যায়৷ প্রথম দুটা বলত দুটা চাৰি কোবালেও পিছত ছন্দ হেৰুৱায় তেওঁ৷ মহছিন খানৰ বলিঙত ডাঙৰ শ্বট খেলিবলৈ গৈ কেচ দিয়ে দিগ্বেশ ৰাঠীক৷ তথাপি এই মেচখনত অভিলেখ গঢ়া প্রদর্শনেই আছিল দিনটোৰ আটাহতকৈ ডাঙৰ আকর্ষণ৷

You might also like