নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্ৰথম পৰ্যায়ত ১৫২খন আসনৰ ১১০খন আসনত জয়ী হ’ম’ : বংগৰ ভোটাৰক ধন্যবাদ জনাই অমিত শ্বাহৰ দাবী

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ পিছত বিজেপি নেতৃত্বই সম্পূৰ্ণ কৃতিত্ব নিৰ্বাচন আয়োগক প্ৰদান কৰিছে। বৃহস্পতিবাৰে ভোটদান শেষ হোৱাৰ পিছত ১৫২খন আসনৰ দলৰ দায়িত্বত থকা কৰ্মকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুকুৰবাৰে পুৱা অমিত শ্বাহে প্ৰথম পৰ্যায়ত বিজেপিয়ে পশ্চিমবংগত কিমান আসন লাভ কৰিব, সেয়া ঘোষণা কৰে। শ্বাহৰ মতে, ১৫২খন আসনৰ ভিতৰত ১১০তকৈ অধিক আসনত বিজেপি জয়ী হ’ব।”

উল্লেখযোগ্য যে বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কুনাল ঘোষে কৈছিল যে তৃণমূলে প্ৰথম পৰ্যায়ত ১৩০তকৈ অধিক আসন লাভ কৰিব। তাৰ পিছত বিজেপিয়েও নিজৰ আভ্যন্তৰীণ সমীক্ষাৰ ভিত্তিত জয়ৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

অমিত শ্বাহে শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰা বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। লগতে আৰক্ষী, প্ৰশাসন আৰু কেন্দ্ৰীয় বাহিনীৰ ভূমিকাৰো প্ৰশংসা কৰে। তেওঁ নিজৰ বক্তব্যত ৯০ শতাংশতকৈ অধিক ভোটদানৰ হাৰৰ কথা উল্লেখ কৰি কয়- “এই উচ্চ ভোটদান হাৰৰ পৰাই স্পষ্ট হৈছে যে তৃণমূলে বিদায় ল’ব আৰু বিজেপি আহিব।”

কিন্তু ১১০টাতকৈ অধিক আসনত জয়লাভৰ আত্মবিশ্বাসৰ ভিত্তি কি বুলি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “ইয়াত প্ৰতিষ্ঠানবিৰোধী ঢৌ শক্তিশালী। বহুদিনৰ পিছত ঘৰৰ মহিলাসকলে নিৰ্ভয়ে ভোটদান কৰিছে। তেওঁলোক সকলোৱে দুৰ্নীতিৰ পৰা মুক্তি বিচাৰে। ভোটদানৰ হাৰো অত্যন্ত বেছি। এইবোৰ বিশ্লেষণ কৰি আমি এই সংখ্যা অনুমান কৰিছোঁ।”

আগন্তুক ২৯ এপ্ৰিলত ৰাজ্যখনৰ বাকী ১৪২খন আসনত দ্বিতীয় আৰু শেষ পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব। শ্বাহৰ মতে, প্ৰথম পৰ্যায়ৰ শান্তিপূৰ্ণ ভোটদানে ভোটাৰসকলক অনুপ্ৰাণিত কৰিব আৰু দ্বিতীয় পৰ্যায়তো তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ভোট দিব।

You might also like