আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ তালিকাভুক্ত হ’ল টিআৰএফ
🔹 ‘বন্ধুত্ব’ৰ প্ৰমাণ ! আমেৰিকাৰ সিদ্ধান্তক আদৰণি নতুন দিল্লীৰ
🔹 কাশ্মীৰৰ পেহেলগামত হত্যাযজ্ঞ চলাইছিল পাকিস্তানস্থিত টিআৰএফে
নিউজ ডেস্ক, ১৮ জুলাই : কাশ্মীৰৰ পেহেলগামত ভয়াৱহ আক্ৰমণ সংঘটিত কৰা পাকিস্তানৰ টি আৰ এফক অৱশেষত সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিলে আমেৰিকাই। আমেৰিকাৰ এই পদক্ষেপক আদৰণি জনাইছে ভাৰতে। শুকুৰবাৰে পুৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত আমেৰিকাৰ সৈতে ভাৰতৰ গভীৰ সহযোগিতা আছে। সেয়াই এই সিদ্ধান্তত প্ৰতিফলিত হৈছে। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও আমেৰিকাৰ এই পদক্ষেপক শলাগ লয়।
উল্লেখ্যে যে চলিত বৰ্ষৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত চলোৱা হত্যাযজ্ঞৰ পিছত লস্কৰৰ ছাঁয়া সংগঠন ‘দ্য ৰেজিষ্টেণ্ট ফ্ৰণ্ট’ (টিআৰএফ)-এ উক্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে। কিন্তু কেইঘণ্টামানৰ ভিতৰতে সেয়া টি আৰ এফে প্ৰত্যাহাৰো কৰে। অৱশ্যে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত টি আৰ এফে প্ৰাৰম্ভিক দায়িত্ব গ্ৰহণ কৰাৰ পিছত অস্বীকাৰ কৰাৰ আঁৰত পাকিস্তানৰ হাত থকা বুলি তদন্তকাৰীয়ে অনুমান কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন লোকৰ মৃত্যুৰ ঘটনাক গৰিহণা দি প্ৰস্তাৱ জাৰি কৰে। কিন্তু সেই প্ৰস্তাৱতো সন্ত্ৰাসবাদী সংগঠন টি আৰ এফৰ নাম উল্লেখ কৰা হোৱা নাছিল। পাকিস্তান আৰু চীনৰ আপত্তিৰ বাবেই এই প্ৰস্তাৱত টি আৰ এফৰ নাম উল্লেখ কৰা হোৱা নাছিল বুলি কূটনৈতিক মহলে ধাৰণা কৰিছিল।
কিন্তু পাকিস্তানৰ প্ৰতিৰোধৰ মাজতো এইবাৰ আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত হ’ল টি আৰ এফৰ নাম। মাৰ্কিন বিবৃতিত কোৱা হৈছে- ‘এফ টি অ’ আৰু এছ ডি জি টি তালিকাত দ্য ৰেজিষ্টেণ্ট ফ্ৰণ্টক অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথালৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।’ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ এই ঘোষণাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে।
এই বিবৃতিত কোৱা হৈছে- ‘ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাৰে বাৰে পোষকতা কৰি আহিছে। টি আৰ এফক সন্ত্ৰাসবাদী ঘোষণা কৰাটোও সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ সহযোগিতাৰ প্ৰতিফলন। সঠিক সময়ত টি আৰ এফ সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।’
A strong affirmation of India-US counter-terrorism cooperation.
Appreciate @SecRubio and @StateDept for designating TRF—a Lashkar-e-Tayyiba (LeT) proxy—as a Foreign Terrorist Organization (FTO) and Specially Designated Global Terrorist (SDGT). It claimed responsibility for the…
— Dr. S. Jaishankar (@DrSJaishankar) July 18, 2025
আমেৰিকাৰ এই পদক্ষেপক আদৰণি জনাই ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে নিজৰ এক্স হেণ্ডেলত লিখিছে- ‘সন্ত্ৰাসবাদবিৰোধী ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ সহযোগিতাৰ প্ৰমাণ পোৱা গৈছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু বৈদেশিক মন্ত্ৰীৰ এই পদক্ষেপ প্ৰশংসনীয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা।’ আমেৰিকাত থকা ভাৰতীয় দূতাৱাসেও এই পদক্ষেপক শলাগ লৈছে।