নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত এছিয়া কাপ আয়োজনৰ পক্ষত বিচিচিআই, সমুখসমৰত IND vs PAK

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিষয়াসকলে ভার্চুৱেলী অংশগ্রহণ কৰে৷ আয়োজক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে নিৰপেক্ষ স্থানত প্রতিযোগিতাখন আয়োজন কৰাৰ ইচ্ছা প্রকাশ কৰি ডুবাই আৰু আবুধাবিক সম্ভাব্য স্থান হিচাপে চিনাক্ত কৰিছে৷

IND vs PAK : এছিয়া কাপ ২০২৫ক লৈ আঁতৰিল জটিলতা৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণৰ পিছতে এছিয়া কাপ আয়োজনক লৈ থকা অনিশ্চয়তাৰ অন্ত পৰিল৷ বৃহস্পতিবাৰে ঢাকাত অনুষ্ঠিত এছিয়ান ক্রিকেট পৰিষদৰ বার্ষিক সাধাৰণ সভাত এছিয়া কাপৰ সন্দর্ভত আলোচনা কৰা হয় য’ত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিষয়াসকলে ভার্চুৱেলী অংশগ্রহণ কৰে৷ আয়োজক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে নিৰপেক্ষ স্থানত প্রতিযোগিতাখন আয়োজন কৰাৰ ইচ্ছা প্রকাশ কৰি ডুবাই আৰু আবুধাবিক সম্ভাব্য স্থান হিচাপে চিনাক্ত কৰিছে৷ এমিৰেটছ ক্রিকেট ব’ৰ্ডৰ সৈতে তিনিটা স্থান ব্যৱহাৰৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে যদিও এছিয়া কাপৰ বাবে মাত্র দুটা স্থান ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে৷ বিচিচিআইৰ উপ–সভাপতি ৰাজীৱ শুক্লা আৰু এছিয়ান ক্রিকেট কাউঞ্চিলৰ অধ্যক্ষ মহছিন নাকভিয়ে অহা কেইদিনমানৰ ভিতৰত প্রতিযোগিতাখনৰ স্থান আৰু তাৰিখ চূড়ান্ত কৰিব৷ সূত্র অনুসৰি প্রতিযোগিতাখনত দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান একেটা গ্রুপত স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ অর্থাৎ গ্রুপ পর্যায়ত দুয়োদলৰ মাজত খেল হোৱাটো প্রায় নিশ্চিত। প্রতিযোগিতাখন অহা ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

Niyomiya Barta Desk, 25 July, 2025

You might also like