নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত শর্মাক অষ্ট্রেলিয়া ভ্রমণত বিচাৰিছে বি চি চি আয়ে

২৭ নৱেম্বৰৰ পৰা আৰম্ভ ভাৰতীয় ক্রিকেট দলৰ অষ্ট্রেলিয়া ভ্রমণ

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট দলটোৰ ঐতিহাসিক অষ্ট্রেলিয়া ভ্রমণটো অহা ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ টি–২০ এদিনীয়া আৰু টেষ্ট শৃংখলাত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলটো ইতিমধ্যে ঘোষণা কৰা হৈছে৷ আঘাতৰ বাবে ৰোহিত শর্মাক অষ্ট্রেলিয়া ভ্রমণৰ বাবে বিবেচনা কৰা হোৱা নাই যদিও তাৰকা বেটছমেনগৰাকী শীঘ্রে সুস্থ হৈ উঠাটো বিচাৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ এক সংবাদ প্রতিষ্ঠানৰে হোৱা বার্তালাপত বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয় যে ৰোহিত শর্মাৰ লগতে অভিজ্ঞ পেচ বলাৰ ঈশান্ত শর্মাও আঘাতৰ পৰা শীঘ্রে সুস্থ হোৱাটো বিচাৰিছোঁ৷ দুয়োগৰাকী ক্রিকেটাৰৰ আঘাত সন্দর্ভত তীক্ষ্ণ নজৰ ৰখা হৈছে৷ ঈশান্ত শর্মাই টেষ্ট শৃংখলাটোত অংশগ্রহণ কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি গাংগুলীয়ে লগতে কয় যে টীম ইণ্ডিয়াৰ অষ্ট্রেলিয়া ভ্রমণটোত ৰোহিত শর্মাও সুস্থ হৈ উঠাটো বিচাৰিছোঁ৷ যদি ৰোহিত শর্মা সুস্থ হৈ উঠে, তেতিয়াহ’লে নির্বাচক মণ্ডলীয়ে ভাৰতীয় দলটোত হিটমেনগৰাকীৰ স্থান লাভ সন্দর্ভত বিবেচনা কৰিব৷ টীম ইণ্ডিয়াৰ অষ্ট্রেলিয়া ভ্রমণটো কঠিন প্রত্যাহ্বানমূলক হ’ব বুলি উল্লেখ কৰি বি চি চি আইৰ সভাপতিগৰাকীয়ে কয় যে স্মিথ, ৱার্নাৰৰ উপস্থিতিত অষ্ট্রেলিয়া দলটো অধিক শক্তিশালী হৈ উঠিব৷ অষ্ট্রেলিয়াত ভাৰতীয় দলটোৱে অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব আৰু তাত সফল হোৱাৰ সক্ষমতাও আছে বিৰাট ব্রিগেডৰ৷

You might also like