নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেনাল্টীক লৈ বৃহৎ সিদ্ধান্ত : ১৩৪ বছৰ পুৰণি নিয়ম সলনিৰ পথত

নিউজ ডেস্ক, ২০ জুলাই : অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত ফিফাই বহু নিয়মৰ পৰিৱর্তন ঘটাবলৈ আগবাঢ়িছে৷ ইয়াৰ ভিতৰত ১৩৪ বছৰ পুৰণি পেনাল্টীৰ নিয়ম সলনি হ’ব পাৰে৷ দেখা যায়- কোনো খেলুৱৈয়ে স্পট কিক লোৱাৰ পিছত বল বাৰত লাগি অথবা গ’লকীপাৰৰ গাত লাগি উভতি আহে৷ এইক্ষেত্রত উভতি অহা বল পুনৰ গ’ল দিয়াৰ সুযোগ পায় পেনাল্টী মৰা খেলুৱৈগৰাকীয়ে৷ কিন্তু সেই নিয়ম এইবাৰ সলনি হ’ব৷

নতুন নিয়ম অনুসৰি পেনাল্টীৰ উভতি অহা বলেৰে পুনৰ শ্বট লৈ গ’ল দিব নোৱাৰিব৷ তদুপৰি পেনাল্টী মৰাৰ পূর্বে বা পিছত আক্রমণকাৰী দলৰ বহুতে বক্সৰ ভিতৰত সোমাই পৰে৷ পেনাল্টী মৰাৰ সময়ত উভতি অহা বলেৰে গ’ল কৰাৰ ক্ষেত্রত ইয়াক লৈ বিতর্ক হয়৷ নতুন নিয়মত তাক লৈ আৰু সমস্যা নাথাকিব৷ ২০২০ চনৰ ইউৰো কাপৰ এটি ঘটনাক এইক্ষেত্রত উদাহৰণ হিচাপে লোৱা হৈছে৷ য’ত ইংলেণ্ডৰ হেৰি কেনৰ শ্বট ৰক্ষা কৰিছিল ডেনমার্কৰ গ’লকীপাৰে৷ কিন্তু পুনৰ শ্বট মাৰি গ’ল দিয়া হৈছিল৷

You might also like