নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাধ্যাকর্ষণক ভুল বুলি প্রমাণ কৰা কেচ, শ্রেয়াছ আয়াৰক প্রশংসা শচীন তেণ্ডুলকাৰৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত এক অবিশ্বাস্য মুহূর্তৰ সাক্ষী হৈছিল ক্রিকেট বিশ্ব৷ শ্রেয়াছ আয়াৰে নিজৰ শৰীৰ দলিয়াই মাধ্যাকর্ষণ শক্তি ভুল বুলি প্রমাণ কৰিছিল৷ শ্রেয়াছৰ এই প্রচেষ্টাত ভাৰতৰ কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰে নিজেই আপ্লুত হয়৷ পঞ্জাব কিংছৰ অধিনায়কগৰাকীৰ এই কেচক মাষ্টাৰ ব্লাষ্টাৰে ‘জীৱনত দেখা অন্যতম শ্রেষ্ঠ কেচ’ বুলি মন্তব্য কৰে৷

চলিত আইপিএলৰ বৃহস্পতিবাৰে নিশা অনুষ্ঠিত মেচখনৰ মুম্বাইৰ ইনিংছৰ ১৮সংখ্যক অভাৰত মার্কো জানছেনে বলিং কৰিবলৈ আহিছিল৷ অভাৰৰ তৃতীয়টো ডেলিভাৰী তেওঁ অফ ষ্টাম্পৰ বাহিৰত ৰাখিছিল৷ হার্দিক পাণ্ডিয়াই সেই বলটো বাউণ্ডেৰীলৈ মাৰি পঠিয়ায়৷ বলটো সহজেই ছয়ৰ পথত আছিল৷ লং অন বাউণ্ডেৰীত থিয় হৈ আছিল শ্রেয়াছ৷ অসাধাৰণ বেগেৰে বতাহৰ মাজেৰে দৌৰি গৈ পিছলৈ জঁপিয়াই বলটো ধৰে পঞ্জাবৰ অধিনায়কগৰাকীয়ে৷ কিন্তু ক্ষন্তেকতে তেওঁ বুজি পালে যে তেওঁৰ শৰীৰৰ ভাৰসাম্যই তেওঁক সীমাৰ বাহিৰলৈ লৈ যাব৷ সেই পৰিস্থিতিত মনৰ অসাধাৰণ উপস্থিতি দেখুৱাই তেওঁ বতাহৰ মাজত ওপঙি থকা অৱস্থাত বলটো খেলপথাৰৰ ভিতৰলৈ ঠেলি দিলে৷ ওচৰতে আছিল জেভিয়াৰ বার্টলেট৷ তেওঁ কেচটো সহজেই আয়ত্ত কৰিলে৷ স্ক’ৰ ব’ৰ্ডত তেওঁৰ নাম নাথাকিলেও ক্রিকেট অনুৰাগীৰ মনত সেই কেচ চিৰদিনৰ বাবে শ্রেয়াছ আয়াৰৰ নামৰ সৈতে জড়িত হৈ থাকিব৷

You might also like