নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাগত পৰাজয়ক লৈ অস্থিৰ মুম্বাইৰ শিবিৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ পৰাজয় অব্যাহত আছে৷ হার্দিক পাণ্ডিয়াৰ দলটোৱে একেৰাহে চাৰিখন মেচত জয়ী হ’ব পৰা নাই৷ দলৰ ভিতৰত তেওঁৰ নেতৃত্বক লৈয়ো অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ ফিল্ডিং এৰেঞ্জমেণ্টক লৈ হার্দিক আৰু বুমৰাহৰ মাজত মতানৈক্য মুকলিকৈ ওলাই পৰিছে৷ মুম্বাই শিবিৰৰ পৰিৱেশক লৈ জল্পনা–কল্পনাৰ সৃষ্টি হোৱা পঞ্জাবৰ খেলখনত বিচৰা ফিল্ডিং নোপোৱাত বুমৰাহক অধিনায়কগৰাকীৰ ওপৰত বিৰক্তি প্রকাশ কৰা দেখা গৈছিল৷

মুম্বাই–পঞ্জাবৰ খেলখনৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এক ঘটনাৰ ভিডিঅ’৷ ইয়াত বুমৰাহে অভাৰ আৰম্ভ কৰাৰ আগতে হার্দিকে নিজৰ পৰিকল্পনা অনুসৰি ফিল্ডিঙৰ ব্যৱস্থা কৰা দেখা গৈছে৷ বেগী বলাৰগৰাকীয়ে অধিনায়কে ব্যৱস্থা কৰা ফিল্ডিং ভাল নাপালে৷ তেওঁ নিজৰ বিৰক্তি আৰু অসন্তুষ্টি প্রকাশ কৰি কিছু পৰিৱর্তন বিচাৰিলে৷ শেষত হার্দিকে আয়োজন কৰা ফিল্ডিঙৰ জৰিয়তে অভাৰ আৰম্ভ কৰে যদিও বুমৰাহক হতাশ যেন লাগিছিল৷ সেই অভাৰৰ পিছত ফিল্ডাৰসকলক নির্দেশনা দিওঁতে হার্ডিক যথেষ্ট উত্তেজিত হোৱা দেখা গৈছিল৷ পঞ্জাবৰ হাতত পৰাস্ত হোৱাৰ পাছত ধাৰাবাহিক ব্যর্থতাৰ দায়িত্ব দলটোৰ ওপৰত অর্পণ কৰিছে হার্দিকে৷ ইয়াৰ নির্দিষ্ট কাৰণ মুম্বাইৰ অধিনায়কগৰাকীয়ে বুজাব নোৱাৰিলে৷

তেওঁ কয় যে সঁচা কথা ক’বলৈ গ’লে এই মুহূর্তত ক’বলগীয়া একো নাই৷ আমি সকলোৱে একেলগে বহি কাৰণটো বিচাৰি উলিয়াব লাগিব৷ সেয়া ব্যক্তিগত ব্যর্থতা হওক, দলীয় বিফলতা হওক বা পৰিকল্পনাৰ অভাৱ হওক, আমি জানিব লাগিব৷ আমি আলোচনা কৰিম আৰু ক্ষন্তেকীয়া সমাধান বিচাৰিবলৈ চেষ্টা কৰিম৷ ইয়াৰ পিছত হার্দিকে ইংগিত দি ক’লে যে আমি হয়তো কিছুমান সাহসী সিদ্ধান্ত ল’ব লাগিব৷ অন্যথা আমি একেটা দলৰ সৈতে পৰিস্থিতি সলনি কৰাৰ কথা চিন্তা কৰিব লাগিব৷ কিছুমান প্রশ্ন যথেষ্ট কঠিন, যাৰ উত্তৰ আমি নিজেই দিব লাগিব৷ হয়, বিফলতাৰ দায়িত্ব আমিও ল’ব লাগিব৷ হার্দিকৰ এই মন্তব্যক লৈও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে৷

You might also like