বিজয় অপৰিহার্য মেচত গুজৰাট টাইটানছৰ হাতত পৰাস্ত চেন্নাই
ডিজিটেল ডেস্ক, ২২ মে’ : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলৰ প্লেঅফৰ দৌৰৰ পৰা বাহিৰ হৈছে৷ প্রতিযোগিতাখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত চেন্নাই গুজৰাট টাইটানছৰ হাতত ৮৯ ৰানত পৰাস্ত হয়৷
মেচখনত গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ২৩০ ৰানৰ লক্ষ্য অনুসৰণ কৰি শিৱম ডুবেৰ ৪৭ আৰু মেথিউ শ্বর্টৰ ২৪ ৰানৰ সহায়ত চেন্নায়ে ১৩.৪ অভাৰত ১৪০ ৰান কৰে৷ গুজৰাটৰ হৈ মহম্মদ ছিৰাজ, ৰছিদ খান আৰু ৰাবাডাই ৩টাকৈ উইকেট লয়৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি সাই সুদর্শনৰ ৮৪, অধিনায়ক গিলৰ ৬৪ আৰু জ’ছ বাটলাৰৰ ২৭ বলত অপৰাজিত ৫৭ ৰানৰ সহায়ত গুজৰাটে নির্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ২২৯ ৰান সংগ্রহ কৰে৷ মেচখনত জয়লাভ কৰি গুজৰাটে ১৪খন মেচৰ পৰা ১৮ পইণ্টেৰে দ্বিতীয় স্থানত থাকে৷