৩৮ মাহতেই চীনত বিশ্বৰ সর্ববৃহৎ ৰে’ল ষ্টেচন নির্মাণ ৰব’টৰ
ডিজিটেল ডেস্ক, ২২ মে’ : বিশ্বৰ সর্ববৃহৎ ষ্টেচনটো অৱস্থিত চীনত৷ সঁচাকৈয়ে সমগ্র বিশ্বৰ ওচৰত এক বিস্ময় চংকিং ইষ্ট ৰে’লৱে ষ্টেচনটো৷ মাত্র ৩৮ মাহতেই নির্মাণ কৰি উলিওৱা এই ষ্টেচনটো নির্মাণ কৰিছে ৰব’ট বাহিনীয়ে৷
২০২৫ চনৰ মে’ মাহত এই ষ্টেচনটো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়৷ এবছৰ পাৰ হোৱাৰ পিছতো বিস্ময় এতিয়াও আঁতৰা নাই৷ অফিচ টাইমত একেলগে ১৬ হাজাৰ যাত্রীয়ে ব্যৱহাৰ কৰিব পাৰে এই ষ্টেচনটো৷ সম্প্রতি এই ষ্টেচনটোক লৈ এক জল্পনা–কল্পনা তুলি ধৰিছে ধনকুবেৰ এল’ন মাস্কে৷ টেছলা আৰু এক্সৰ মালিকগৰাকী মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে চীন ভ্রমণলৈ আহিছিল৷ সেই সময়তে তেওঁ ষ্টেচনটো নির্মাণৰ এটা ভিডিঅ’ প’ষ্ট কৰিছিল৷ তেওঁ কিয় এনেকুৱা কৰিলে তাক লৈ কৌতূহল সৃষ্টি হৈছিল৷ কিন্তু তেওঁৰ এই প’ষ্টতকৈ বেছি কৌতূহল সৃষ্টি কৰিছে ষ্টেচনটোৰ নির্মাণৰ কাহিনীয়ে৷
তথাপি ধাৰণা কৰা হৈছে ইয়াতে লুকাই আছে মাস্কৰ প’ষ্টটোৰ ৰহস্য৷ মুঠ ১.২২ মিলিয়ন বর্গমিটাৰ এলেকাজুৰি নির্মাণ কৰা ষ্টেচনটোত মুঠ ১৫টা প্লেটফর্ম আৰু ২৯টা ৰে’ললাইন আছে, যি তিনিটা পৃথক ৰে’ল য়ার্ডত বিভক্ত৷ এই বৃহৎ কামটো ৩৮ মাহত সম্পূর্ণ কৰি তোলাৰ পিছত ইয়াক ৰব’ট বিপ্লৱ আখ্যা দিয় হৈছে৷ liDAR, এআই আৰু ৫–জি প্রযুক্তিত সুসজ্জিত লেজাৰ নির্দেশিত ৪ চকাযুক্ত স্ক্রীড ৰব’টসমূহে মানুহৰ তিনিগুণ দ্রুততাৰে আৰু নির্ভুলভাৱে কামটো সম্পন্ন কৰে৷