সম্পাদকীয় : ‘চিকেন নেক’ৰ ভূমি হস্তান্তৰ
ৰাষ্ট্রীয় সুৰক্ষা, অখণ্ডতা আৰু ৰণকৌশলগত দৃষ্টিকোণেৰে অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ অহা দেশৰ বাকী অংশৰ সৈতে উত্তৰ–পূর্বাঞ্চলক সংলগ্ণ কৰা ‘চিকেন নেক’ বা শিলিগুৰি কৰিড’ৰ এলেকাটো শেহতীয়াকৈ পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে৷ সুদীর্ঘ দিন ধৰি এই অঞ্চলটো ভাৰতৰ বাবে এটা স্পর্শকাতৰ অংশ হৈ আহিছে৷ বিশেষকৈ বাংলাদেশত ৰাজনৈতিক পট পৰিৱর্তনৰ পিছৰ পৰা ইয়াৰ প্রসংগই আন মাত্রা লাভ কৰিছে৷ তেনে পৰিপ্রেক্ষিতত অঞ্চলটোক সুৰক্ষিত কৰি ৰখাটো দেশৰ বাবে গুৰুত্বপূর্ণ প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈ আহিছে৷ দেশৰ সুৰক্ষা, অখণ্ডতা আৰু কৌশলগত দিশৰ পৰা দেশখনৰ এনে স্থানসমূহক সুৰক্ষিত কৰি ৰখাটো অতি প্রয়োজনীয় হৈ পৰে৷ এনে অঞ্চলসমূহ সুৰক্ষিত কৰি ৰখাটো কেৱল বহিঃসুৰক্ষাৰ ক্ষেত্রতে নহয়, আভ্যন্তৰীণ নিৰাপত্তাৰ দিশৰ পৰাও গুৰুত্বপূর্ণ৷ ‘চিকেন নেক’ দেশৰ তেনে এটা স্পর্শকাতৰ অংশ৷ এই অঞ্চলটো দীঘলে প্রায় ৬০ কিলোমিটাৰ আৰু পথালিয়ে প্রায় ২২ কিলোমিটাৰ হোৱা বাবে এই ঠেক ভূখণ্ডক চিকেন নেক বুলি কোৱা হয়৷ এই অঞ্চলটোৱে সমগ্র উত্তৰ–পূর্বাঞ্চলক দেশৰ বাকী অংশৰ সৈতে সংলগ্ণ কৰি ৰখাই নহয়, এই ঠেক ভূখণ্ডৰ সৈতে স্পর্শ কৰি আছে নেপাল, ভূটান আৰু বাংলাদেশৰ সীমাই৷ চীন সীমান্তও ইয়াৰ পৰা বেছি দূৰত নহয়৷ ফলত দেশৰ বহিঃনিৰাপত্তাৰ ক্ষেত্রতো ই অতি গুৰুত্বপূর্ণ৷ কিয়নো, এই কৰিড’ৰ বন্ধ হৈ পৰিলে উত্তৰ–পূর্বাঞ্চলৰ সৈতে দেশৰ সংযোগ বিচ্ছিন্ন হৈ পৰিব৷ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিৱর্তনৰ পিছত দেশখনত পাকিস্তানী মৌলবাদী আৰু সন্ত্রাসবাদীয়ে ঘাটি পাতিবলৈ সুযোগ পাইছে আৰু ভাৰতবিৰোধী উচটনি দিয়াই নহয়, ভাৰতবিৰোধী কার্যকলাপো চলাবলৈ আৰম্ভ কৰিছে৷ তাতে উৎফুল্লিত হৈছে বাংলাদেশৰ মৌলবাদী শক্তিসমূহো৷ তদুপৰি, শেহতীয়াকৈ চীনৰ সৈতেও দেশখনে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ লোৱাত ভাৰতৰ বাবে উদ্বিগ্ণতাৰ কাৰণ হৈ পৰিছে৷ ১৯৬২ চনত চীনৰ আগ্রাসনৰ সময়তো ছিকিম আৰু অৰুণাচললৈ ভাৰতৰ সেনা সঞ্চালন কৰাৰ ক্ষেত্রত এই কৰিড’ৰটোৱে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ তেনেদৰে দেশৰ আভ্যন্তৰীণ বাণিজ্যিক সম্পর্কৰ ক্ষেত্রতো ইয়াৰ বিশেষ ভূমিকা আছে৷ আনহাতে, দেশৰ একাংশ বিচ্ছিন্নতাবাদী শক্তিয়েও ইতিপূর্বে চিকেন নেকক বিচ্ছিন্ন কৰাৰ হুংকাৰ দিছিল৷ একেই হুংকাৰ এতিয়া বাংলাদেশেও দিবলৈ সাহস কৰিব পৰা হৈছে৷ তেনে ক্ষেত্রত এই চিকেন নেকৰ সুৰক্ষা দেশৰ সামগ্রিক স্বার্থতে অতি গুৰুত্বপূর্ণ হৈ পৰিছে৷ ভাৰত চৰকাৰে এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰিবলৈ ওলায়ো পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ বিধি–পথালিৰ বাবে বিশেষ আগবাঢ়িব পৰা নাছিল৷ শেহতীয়াকৈ পশ্চিমবংগত চৰকাৰ পৰিৱর্তন হোৱাত ৰাজ্যখনৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী নেতৃত্বাধীন নতুন চৰকাৰখনে চিকেন নেক কৰিড’ৰৰ সমীপৰ ১২০ একৰ ভূমি কেন্দ্রীয় চৰকাৰলৈ হস্তান্তৰত অনুমোদন জনাইছে৷ দেশৰ নিৰাপত্তাৰ দিশৰ পৰা অতি গুৰুত্বপূর্ণ এই চিকেন নেকৰ চৌপাশৰ সাতটাকৈ ৰাষ্ট্রীয় ঘাইপথৰ দায়িত্ব কেন্দ্রীয় চৰকাৰলৈ হস্তান্তৰ কৰা হৈছে৷ এই অঞ্চলটোত বিভিন্ন প্রকল্প ৰূপায়ণৰ বাবে যোৱা এবছৰে কেন্দ্রই ৰাজ্য চৰকাৰৰ অনুমোদনৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল৷
এতিয়া পশ্চিমবংগৰ নতুন চৰকাৰখনে অনুমোদন দিয়াত অঞ্চলটোৰ উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰাটো সহজ হৈ পৰিব৷ চিকেন নেকৰ চৌপাশে আন্তঃগাঁথনি উন্নত হ’লে কেৱল স্থানীয়ভাৱেই যে উপকাৰ হ’ব তেনে নহয়, ভাৰতৰ নিৰাপত্তাৰ দিশটোও টনকিয়াল হ’ব৷ ইতিমধ্যে হলা গছত বাগী কুঠাৰ মৰাৰ দৰে বিভিন্ন শক্তিয়ে এই চিকেন নেকৰ সংকীর্ণতাৰ সুযোগ হিচাপে লৈ বিভিন্ন ভাবুকি প্রদান কৰিবলৈ লৈছে৷ এই কৰিড’ৰটো বন্ধ বা বিচ্ছিন্ন হ’লেই উত্তৰ–পূর্বাঞ্চলৰ প্রায় পাঁচ কোটি নাগৰিক একাষৰীয়া হৈ পৰিব আৰু সীমান্তৱৰ্তী এলেকাসমূহলৈ সামৰিক–সামৰিক যোগাযোগ ব্যাহত হৈ পৰিব৷ পশ্চিমবংগ চৰকাৰে এই চিকেন নেক বা শিলিগুৰি কৰিড’ৰৰ ওচৰৰ ১২০ একৰ ভূমি কেন্দ্রীয় চৰকাৰক হস্তান্তৰ কৰাৰ লগে লগে কেন্দ্রই এই অঞ্চলটোত সামৰিক বিন্যাস বৃদ্ধি কৰিবলৈ সক্ষম হ’ব৷ কেৱল সামৰিক ক্ষেত্রতেই নহয়, এই অঞ্চলটোৰ উন্নয়ন সাধনে চুবুৰীয়া ভূটান, বাংলাদেশ বা নেপালৰ সৈতেও দ্বি–পাক্ষিক সম্পর্ক অধিক সুচল কৰি তুলিব৷ ফলত, চুবুৰীয়া দেশকেইখনৰ সৈতে সম্পর্কৰো উন্নতি ঘটাব পৰা যাব৷ কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হৈছে দেশৰ সুৰক্ষা আৰু নিৰাপত্তা৷ নিৰাপত্তা, প্রতিৰক্ষাৰ আহিলা আৰু যাতায়াতৰ আন্তঃগাঁথনি প্রকল্প ৰূপায়ণৰ জৰিয়তে ভাৰতৰ আটাইতকৈ স্পর্শকাতৰ ভৌগোলিক চেকপোষ্টক অভেদ্য দুর্গ হিচাপে গঢ় দিয়াটো সম্ভৱ হৈ উঠিব৷ এনে পৰিপ্রেক্ষিতত পশ্চিমবংগ চকাৰৰ এই সিদ্ধান্ত অতি আদৰণীয় হিচাপে বিবেচিত হৈছে৷ পশ্চিমবংগ চৰকাৰৰ এই পদক্ষেপৰ প্রাথমিক উদ্দেশ্য হৈছে কেন্দ্রীয় চৰকাৰে এই অঞ্চলত ৰূপায়ণ কৰিবলগীয়া বৃহৎ ৰে’ল সম্প্রসাৰণ প্রকল্পৰ সুফল গ্রহণ কৰা৷ কেন্দ্রই ইয়াত থকা দ্বৈত ৰে’লপথ ৬ শৰীয়া ৰে’লপথলৈ উন্নীত কৰিবলৈ পৰিকল্পনা গ্রহণ কৰিছে৷ ইয়াৰ দুটা প্রায় ৪০ কিলোমিটাৰ দৈর্ঘ্যৰ নতুন ৰে’লপথ ভূগর্ভৰ ২০ৰ পৰা ২৪ মিটাৰ তলেৰে নির্মাণ কৰা হ’ব৷ তিনিমাইলহাট আৰু ৰঙাপানী ষ্টেচনক সংযোগ কৰিবলগীয়া এই ভূগর্ভস্থ ৰে’লপথেৰে ভাৰতৰ গুৰুত্বপূর্ণ সামৰিক আৰু যোগান ব্যৱস্থাক সম্ভাব্য আকাশী আক্রমণ, গধুৰ যুদ্ধাস্ত্র আৰু ড্রোন আক্রমণৰ দৰে বাহ্যিক ভাবুকিৰ পৰা উদ্ভৱ হ’ব পৰা সংকটৰ পৰা সুৰক্ষিত কৰিব৷ কেন্দ্রৰ তত্ত্বাৱধানতে এই অঞ্চলত কেন্দ্রীয় সুৰক্ষা বাহিনীসমূহৰ নিয়ন্ত্রণো বৃদ্ধি পাব৷ ফলত, শিলিগুৰি কৰিড’ৰক সুৰক্ষিত কৰি উত্তৰ–পূর্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিব৷ তদুপৰি, উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন আৰু সকলো বতৰতে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাকো ৰূপায়ণ হ’বলগীয়া আন্তঃগাঁথনিয়ে সুচল কৰি তুলিব৷ এনে পৰিপ্রেক্ষিততে পশ্চিমবংগ চৰকাৰৰ এই পদক্ষেপ প্রশংসিত হৈছে৷ দেশৰ নিৰাপত্তাৰ স্বার্থত অঞ্চলটোত আন্তঃগাঁথনি উন্নত কৰা, সামৰিক খোপনি সুদৃঢ় কৰি তোলাৰ বাবে সেনাৰ শিবিৰ স্থাপন কৰা আৰু শক্তিশালী নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাটো এতিয়া সময়ৰ প্রয়োজন হৈ পৰিছে৷ এই অঞ্চলটোত সামৰিক খোপনি সুদৃঢ় হ’লে বহিঃশক্তিৰ গতি–বিধি নিৰীক্ষণ কৰাটোও সহজ হৈ পৰিব৷ এতিয়া বাংলাদেশৰ দৰে ৰাষ্ট্রৰ মৌলবাদী আৰু সন্ত্রাসবাদী শক্তিসমূহৰ ভাৰতৰ উত্তৰ–পূর্বাঞ্চলক লৈ কৰি থকা অলীক কল্পনাৰ ওপৰত চেঁচাপানী পৰিব৷ উত্তৰ–পূর্বাঞ্চলৰ নিৰাপত্তা আৰু শান্তি–সুস্থিৰতাৰ ক্ষেত্রত পশ্চিমবংগ চৰকাৰৰ এই সিদ্ধান্তই সুদূৰপ্রসাৰী প্রভাৱ পেলাব বুলি ক’ব পাৰি৷