২৩ বছৰৰ মূৰত ভাৰতত দবা বিশ্বকাপ
নিউজ ডেস্ক, ২২ জুলাই : সুদীর্ঘ ২৩ বছৰৰ পিছত ভাৰতত পুনৰ অনুষ্ঠিত হ’ব দবা বিশ্বকাপ৷ চলিত বর্ষৰ ৩০ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰলৈ প্রতিযোগিতাখন ভাৰতত অনুষ্ঠিত হ’ব৷ এই কথা সদৰী কৰিছে দবাৰ সর্বোচ্চ শাসকীয় সংস্থা ফিডেই৷ অৱশ্যে ভাৰতৰ কোনখন চহৰত দবা বিশ্বকাপ অনুষ্ঠিত হ’ব, সেয়া এতিয়াও নির্ণয় কৰা হোৱা নাই৷
জানিব পৰা মতে, আগন্তুক দবা বিশ্বকাপত ২০৬গৰাকী প্রতিযোগীয়ে নকআউট ফর্মেটত অংশগ্রহণ কৰিব৷ ফিডেৰ চিইঅ’ এমিল ছুট’ভস্কিয়ে কয় যে ফিডে বিশ্বকাপ ভাৰতলৈ আনিবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ৷ ভাৰতত দবা খেলৰ প্রতি গভীৰ আকর্ষণ আৰু সমর্থন আছে৷ মন কৰিবলগীয়া যে ২০২১ চনৰ পৰা আৰম্ভ হোৱা এই ফর্মেটত আছে একক এলিমিনেচন ষ্ট্রাকচাৰ৷ ইয়াত প্রতিটো ৰাউণ্ড তিনি দিন ধৰি চলিব৷ প্রথম দুদিন ধ্রুপদী খেলৰ বাবে সংৰক্ষিত আৰু প্রয়োজন হ’লে তৃতীয় দিনা হ’ব টাইব্রেকাৰ৷ প্রথম ৰাউণ্ডত শীর্ষ ৫০গৰাকী খেলুৱৈয়ে বাই লাভ কৰাৰ সম্ভাৱনা আছে৷ ৫১ৰ পৰা ২০৬ ৰেংকিঙৰ প্রতিযোগীসকলে প্রথম ৰাউণ্ডত খেলিব লাগিব৷ ভাৰতৰ তাৰকা খেলুৱৈ ডি গুকেশ, ২০২৩ চনৰ বিশ্বকাপৰ ৰানার্ছআপ ৰমেশ বাবু প্রজ্ঞানন্দ আৰু বিশ্বৰ পঞ্চম বাছনিৰ অর্জুন এৰিগাইচিয়ে ইতিমধ্যে বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰিছে৷ উল্লেখ্য যে ২০০২ চনত ভাৰতৰ হায়দৰাবাদত অন্তিমবাৰৰ বাবে দবা বিশ্বকাপ অনুষ্ঠিত হৈছিল৷