কাশ্মীৰ ৰক্তাক্ত কৰিবলৈ নতুন গোট টিটিকে
🔹 পাকিস্তানী সন্ত্রাসবাদী সংগঠন লস্কৰ-ঈ-তৈবাৰ নতুন ব্লুপ্রিণ্ট
নিউজ ডেস্ক, ২২ জুলাই : পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ঈ–তৈবাৰ ছায়া গোট টিআৰএফক জম্মু–কাশ্মীৰৰ পেহেলগাম আক্রমণকাৰী হিচাপে আমেৰিকা যুক্তৰাষ্ট্রই বিদেশী সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষিত কৰি নিষিদ্ধ কৰাৰ পাছত এইবাৰ লস্কৰে কাশ্মীৰক ৰক্তাক্ত কৰিবলৈ নতুন ছায়া সংগঠন গঠন কৰিলে৷ জম্মু–কাশ্মীৰক ৰক্তাক্ত কৰিবলৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সহযোগত লস্কৰ–ঈ–তৈবাই গঠন কৰিলে নতুন সংগঠন তেহৰিক–ঈ–তালেবান কাশ্মীৰীস্তান, চমুকৈ টিটিকে৷ এই সংগঠনটোৰ মুখ্য কমাণ্ডাৰ হ’ব মুছা গজনবী৷
দুর্ধর্ষ সন্ত্রাসবাদী মুছা গজনবী হৈছে লস্কৰ–ঈ–তৈবাৰ শীর্ষ কমাণ্ডাৰ৷ আইনী জটিলতাৰ পৰা ৰক্ষা পাবলৈ নিষিদ্ধঘোষিত সংগঠন লস্কৰ–ঈ–তৈবাই নতুনকৈ জন্ম দিলে টিটিকে৷ ভাৰতীয় চোৰাংচোৱা সূত্রই প্রকাশ কৰা মতে, টিআৰএফক বিদেশী সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ পাছত এই সংগঠনটোৰ কার্যকলাপ কাশ্মীৰ উপত্যকাত হ্রাস পোৱাই নহয়, সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰোঁতে নিৰাপত্তা বাহিনীৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি পাকিস্তানী সংগঠন লস্কৰে নতুন সন্ত্রাসবাদী গোট টিটিকেক জন্ম দিলে বুলি চোৰাংচোৱা সূত্রই সদৰী কৰিছে৷ এই সংগঠনটোৰ মুখপাত্র হৈছে কাশ্মীৰৰ বাসিন্দা মেহবুব ভাট৷ ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণাই সংগঠনটোৰ মূল লক্ষ্য৷