নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াত পুনৰ ইতিহাস ৰচিব ভাৰতে: শ্বেটেশ্বৰ পূজাৰা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয় কৰি পুনৰ ইতিহাস ৰচিব৷ দলটোৱে ২০১৮–১৯ৰ ঐতিহাসিক সাফল্যৰ পুনৰাবৃত্তি ঘটাবলৈ পূর্ণোদ্যমে সাজু হৈছে৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বহুপ্রত্যাশিত টেষ্ট শৃংখলাৰ পূর্বে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ নির্ভৰযোগ্য মিডল অর্ডাৰ বেটছমেন শ্বেটেশ্বৰ পূজাৰাই৷ ডেভিদ ৱার্নাৰ আৰু ষ্টিভেন স্মিথৰ উপস্থিতিয়ে অষ্ট্রেলিয়া দলটোক কিছু শক্তিশালী কৰিব যদিও ভাৰতৰ আক্রমণাত্মক বেগী বলিঙে তেওঁলোকক তীব্র প্রত্যাহ্বান আগবঢ়াব বুলি পূজাৰাই উল্লেখ কৰে৷

পি টি আইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অভিজ্ঞ বেটছমেনগৰাকীয়ে কয় যে অষ্ট্রেলিয়া দলত স্মিথ, ৱার্নাৰ, লাবুছানেৰ দৰে কেইবাগৰাকীও মহান বেটছমেন আছে৷ কিন্তু তেওঁলোকক প্রত্যাহ্বান জনাব পৰাকৈ আমাৰ সৈতে আছে যশপ্রীত বুমৰাহ, ঈশান্ত শর্মা আৰু মহম্মদ ছামিৰ দৰে দুর্ধর্ষ বেগী বলাৰ৷

উল্লেখ্য যে ২০১৮–১৯ বর্ষত অষ্ট্রেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয় কৰি ইতিহাস সৃষ্টি কৰা ভাৰতীয় দলটোৰ এই চমকপ্রদ সাফল্যত মুখ্য ভূমিকা গ্রহণ কৰি পূজাৰাই টেষ্ট শৃংখলাটোত তিনিটাকৈ শতকসহ ৫০০ৰো অধিক ৰান সংগ্রহ কৰিছিল৷ দ্বিতীয়, তৃতীয় আৰু চতুর্থ টেষ্টত অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিত ভাৰতীয় দলৰ বেটিং বিভাগৰ দায়িত্ব গ্রহণ কৰিবলৈ তেওঁ সম্পূর্ণৰূপে সাজু বুলিও পূজাৰাই উল্লেখ কৰে৷ ইফালে, এডিলেইডত খেলিবলগীয়া প্রথমখন দিবা–নৈশ টেষ্ট ভাৰতীয় দলৰ বাবে কিছু প্রত্যাহ্বানজনক হ’ব বুলি টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে স্বীকাৰ কৰে৷

You might also like