নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলত বেডমিণ্টন একাডেমী মুকলি কৰিব ছাইনা নেহৱাল–পাৰুপল্লি কাশ্যপে

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: হিমাচল প্রদেশত এখন অত্যাধুনিক বেডমিণ্টন একাডেমী স্থাপনৰ মন মেলিছে অলিম্পিক পদক বিজয়ী তাৰকা শ্বাটলাৰ ছাইনা নেহৱালে৷ আঘাতৰ বাবে দীর্ঘদিন ধৰি বেডমিণ্টন ক’টৰ পৰা আঁতৰি থকা তাৰকাগৰাকীয়ে এই সন্দর্ভত কথা–বতৰা পাতিবলৈ  স্বামী পাৰুপল্লি কাশ্যপক লগত লৈ হিমাচল প্রদেশৰ ৰাজ্যপাল বণ্ডৰু ডাট্টাট্রেয়া আৰু মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰক সাক্ষাৎ কৰে৷

দেশৰ আগশাৰীৰ বেডমিণ্টন তাৰকা ছাইনা আৰু কাশ্যপৰ সৈতে আলোচনাৰ অন্তত মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰতীয় ক্রীড়া জগতক আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত উজলাই তোলা দুই তাৰকাৰ সৈতে এক গঠনমূলক আলোচনা হয়৷ এই আলোচনাত তাৰকা দুগৰাকীয়ে হিমাচল প্রদেশত এখন অত্যাধুনিক বেডমিণ্টন একাডেমী স্থাপনৰ পৰিকল্পনাৰ কথা অৱগত কৰে৷ খেলুৱৈ দুগৰাকীৰ এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ ক্ষেত্রত হিমাচল প্রদেশ চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিছে৷

মন কৰিবলগীয়া যে যোৱা সপ্তাহত ছাইনা নেহৱাল আৰু পাৰুপল্লি কাশ্যপে মালদ্বীপৰ সমুদ্র তীৰত অৱসৰ বিনোদনত ব্যস্ত থকাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল৷

You might also like