নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈশৱৰ প্রশিক্ষক ৰাজকুমাৰ শর্মাৰ মন্তব্য- কোহলি এগৰাকী মানুহহে, মেচিন নহয়

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলি আই পি এলৰ প্রথম দুখন মেচত ব্যর্থ হোৱাৰ পিছত ক্রিকেটপ্রেমীয়ে তেওঁক লৈ সমালোচনা আৰম্ভ কৰা সন্দর্ভত অসন্তুষ্টি প্রকাশ কৰিছে ক্রিকেটাৰগৰাকীৰ শৈশৱৰ প্রশিক্ষক ৰাজকুমাৰ শর্মাই৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত তেওঁ কালি কয় যে খেলুৱৈৰ জীৱনত সফলতা–বিফলতা এক অবিচ্ছেদ্য অংগ৷ খেলপথাৰত সকলো সময়তে খেলুৱৈৰ দিন একে নাযায়৷ কেতিয়াবা সফল হোৱাৰ বিপৰীতে আন কেতিয়াবা ব্যর্থ হোৱাটো খেলৰ এক নিয়ম৷ টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিয়ে সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছত তেওঁৰ অনুৰাগীয়ে বেটছমেনগৰাকীৰ পৰা সদায় দীঘলীয়া ইনিংছ আশা কৰে বুলি উল্লেখ কৰি প্রশিক্ষক ৰাজকুমাৰ শর্মাই কয় যে একাংশ লোকে পাহৰি যায় যে কোহলি এগৰাকী সাধাৰণ মানুহহে, তেওঁ মেচিন নহয়৷

উল্লেখ্য যে চলিত আই পি এলৰ প্রথমখন মেচত কোহলিয়ে ১৪ ৰান কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত মাত্র ১ ৰানতে পেভিলিয়নমুখী হয়৷ কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে দ্বিতীয়খন মেচত তেওঁ লোকেশ ৰাহুলৰ দুটাকৈ সহজ কেচো ড্রপ কৰিছিল৷ ইয়াৰ ফলত ৰাহুলে বিস্ফোৰক বেটিঙেৰে কিংছ একাদশ পঞ্জাবক বৃহৎ স্ক’ৰৰ দিশে লৈ গৈছিল৷ অৱশেষত মেচখনত কোহলি বাহিনী ৯৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়৷

You might also like