নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসভৱনত উদ্ধাৰ জাপানৰ জনপ্রিয় অভিনেত্রী য়ুকোৰ মৃতদেহ

‘মিছ শ্বার্লক’ৰ জৰিয়তে আৰোহণ কৰিছিল খ্যাতিৰ শিখৰত

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   জাপানৰ ছবি জগতৰ জনপ্রিয় অভিনেত্রী য়ুকো টেকেউচিৰ ৰহস্যজনক মৃত্যুক লৈ দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ বঁটা বিজয়ী ৪০ বছৰীয়া অভিনেত্রীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে টকি’স্থিত বাসভৱনত৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দর্ভত আৰম্ভ কৰিছে তদন্ত৷ জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে অভিনেত্রীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে৷ দুই সন্তানৰ মাতৃ য়ুকো আছিল জাপানৰ জনপ্রিয় অভিনেত্রীসকলৰ অন্যতম৷ টকি’ৰ শ্বিবুয়া ৱার্ডস্থিত বাসভৱনত অভিনেত্রীগৰাকীৰ মৃতদেহ প্রথম অভিনেতা স্বামী টাইকি নাকাবায়াশ্বিয়ে দেখিবলৈ পাইছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷ বহু ছবিৰ উপৰি টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল য়ুকোৱে৷ ২০১৮ চনত এইচ বি অ’ৰ ছিৰিজ মিছ শ্বার্লকত কেন্দ্রীয় চৰিত্রত অভিনয় কৰি বিশ্বৰ অনুৰাগীৰ হূদয় জিনিবলৈ সক্ষম হৈছিল য়ুকো৷ জনপ্রিয় শ্বার্লক হ’মছৰ মহিলা সংস্কৰণৰ কেন্দ্রীয় চৰিত্রত অভিনয় কৰি আমেৰিকা তথা অন্যান্য দেশতো নিজৰ এক ঈর্ষণীয় আসন নিশ্চিত কৰিছিল অভিনেত্রীগৰাকীয়ে৷ ২০০৪ৰ পৰা ২০০৭লৈ জাপান চলচ্চিত্র জগতৰ শ্রেষ্ঠ বঁটা তিনিবাৰকৈ লাভ কৰিছিল য়ুকোৱে৷ আৰক্ষীয়ে অভিনেত্রীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে যদিও এই সন্দর্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ স্মর্তব্য যে চলিত বর্ষটোত জাপানৰ চেলিব্রিটীসকলৰ কেইবাগৰাকীও প্রতিভাৰ জীৱনাৱসান ঘটিছে৷ ইয়াৰ ভিতৰত অভিনেত্রী ছেই আছিনা, অভিনেতা হৰুমা মিউৰা আৰু ৰেষ্টলিং ষ্টাৰ হানা কিমুৰাৰ মাত্র তিনিটা মাহৰ ভিতৰত মৃত্যু হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি জাপানত আত্মহত্যাৰ হাৰ সর্বাধিক৷

You might also like