নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এচাম তৰুণী হকী খেলুৱৈ গঢ়ি তুলিবলৈ ১১ বছৰীয়া নিৰন্তৰ প্ৰয়াস

চক দে ইণ্ডিয়া কবীৰ খানৰ ৰূপত নাহৰকটীয়াৰ সমুদ্ৰ বৰগোহাঁই

নিয়মীয়া বাৰ্তা,  ৬ জানুৱাৰী : ২০০৭ চনত মুক্তি পাইছিল শ্বাহৰূখ খান অভিনীত জনপ্ৰিয় ছবি ‘চক দে, ইণ্ডিয়া’ৰ৷ ভাৰতীয় মহিলা হকী দলৰ প্ৰশিক্ষক কবীৰ খানে কেনেকৈ দলটোক বিশ্বশ্ৰেষ্ঠ কৰিবলৈ সংগ্ৰামমুখৰ হৈছিল তাৰেই আধাৰত নিৰ্মিত হৈছিল ক্ৰীড়াভিত্তিক ছবিখন৷ ছেলুলয়ডৰ সেই কবীৰ খানৰ দৰেই বাস্তৱৰ এজন হকী প্ৰশিক্ষকে নাহৰকটীয়াত চলাই গৈছে নিৰন্তৰ প্ৰয়াস। এই প্ৰশিক্ষকজন হৈছে একালৰ ৰাজ্যিক ছিনিয়ৰ টীমৰ অধিনায়ক সমুদ্ৰ বৰগোহাঁই। এইগৰাকী প্ৰশিক্ষকৰ তত্ত্বাৱধানতে নাহৰকটীয়াৰ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত প্ৰতিদিনাই কঠোৰ অনুশীলনত ব্ৰতী হয় শতাধিক বিভিন্ন বয়সৰ ছোৱালী ৷ বৰষুণৰ দিনকেইটাক বাদ দি বছৰৰ আন সকলোবোৰ দিনতেই নিজকে এগৰাকী হকী খেলুৱৈ হিচাপে গঢ়ি তোলাৰ সপোনেৰে অনুশীলনৰত এইসকলৰ মাজৰ পৰাই বিগত সময়চোৱাত ওলাই আহিছে ৰাজ্যক বিভিন্ন স্তৰত প্ৰতিনিধিত্ব কৰা পঞ্চাশগৰাকীৰো অধিক খেলুৱৈ ৷

উল্লেখ্য যে অইল ইণ্ডিয়াত কৰ্মৰত সমুদ্ৰ বৰগোহাঁই নিজেও এগৰাকী সুদক্ষ হকী খেলুৱৈ৷ ১৯৯২ চনত ৰাজ্যিক হকী দলৰ কেপ্টেইনৰ দায়িত্ব চম্ভালা সমুদ্ৰ বৰগোহাঁই-এ বিগত ২০১০ চনৰ পৰা একক প্ৰচেষ্টাৰেই নাহৰকটীয়াত দি আহিছে হকীৰ প্ৰশিক্ষণ৷ কোনো পক্ষৰে পৰা পোৱা নাই আৰ্থিক সহাঁৰি ৷ অৱশ্যে প্ৰশিক্ষকগৰাকীয়ে নিজেও গঢ়ি তোলা নাই কোনো নিৰ্ভৰশীলতা৷ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে চামে চামে নিজৰ দৰমহাৰ ধন ব্যয় কৰি এইগৰাকী প্ৰশিক্ষকে গঢ়ি তুলিব বিচাৰিছে হকী খেলুৱৈৰ৷ প্ৰচেষ্টা সাৰ্থক হৈছে সমুদ্ৰ বৰগোহাঁইৰ৷ বৰ্তমানে ৰাজ্যিক ছিনিয়ৰ মহিলা দলত খেলি থকা মুঠ নগৰাকী খেলুৱৈয়ে সমুদ্ৰ বৰগোহাঁইৰ প্ৰশিক্ষণৰে নাহৰকটীয়াৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে৷ আনহাতে ৰাজ্যৰ মহিলা ছাব-জুনিয়ৰদলটোত আছে তেওঁৰ দ্বাৰা প্ৰশিক্ষিত তিনিগৰাকীকৈ খেলুৱৈ৷ ছক ডে ইণ্ডিয়াৰ শ্বাহৰূখ খানে ৰূপায়ণ কৰা কবীৰ খানৰ চৰিত্ৰটোৰ দৰেই লক্ষ্য স্থিৰ এইগৰাকী প্ৰশিক্ষকৰ৷ বিভিন্ন পক্ষৰ হেমাহি, অপযশৰ পিছতো সমুদ্ৰ বৰগোহাঁইয়ে নতুন এচাম মানসম্পন্ন হকী খেলুৱৈক আগবঢ়াই দিয়াৰ পৰিকল্পনাটোক তেওঁ যতি পৰিবলৈ দিয়া নাই৷ ৰাজ্যৰ মহিলা হকীদলটোক ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ অহোপুৰুষাৰ্থ কৰা প্ৰশিক্ষকগৰাকীয়ে সীমিত সা-সুবিধাৰ মাজতে অহোপুৰুষাৰ্থ কৰিছে৷ প্ৰশিক্ষণৰ বাবে এখন এষ্ট্ৰটাৰ্ফৰ প্ৰয়োজনীয়তা ব্যক্ত কৰা সমুদ্ৰ বৰগোহাঁইৰ দৰে ক্ৰীড়া ব্যক্তিত্বক সহাঁৰি দিবলৈ ৰাজ্যৰ ওপৰগধূৰ ক্ৰীড়া মহলে আহৰি পাবনে

You might also like