নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সফ’ৰ্ড ছাত্র সংগঠনৰ নেত্রীৰ পদ ত্যাগ ছামন্ত

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাসত প্রথমগৰাকী ভাৰতীয় যুৱতী হিচাপে ছাত্র সংগঠনৰ সভানেত্রী হিচাপে নির্বাচনত জয়লাভ কৰিও উক্ত পদত অধিষ্ঠিত হোৱাৰ পৰা বঞ্চিত হৈছে ৰশ্মী ছামন্ত৷ পূর্বতে ছ’চিয়েল মিডিয়াযোগে ছামন্তে কৰা বিভিন্ন মন্তব্যক লৈ সৃষ্টি হোৱা বিতর্কৰ পিছতে যুৱতীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে৷ ছ’চিয়েল মিডিয়াত ছামন্তৰ পূর্বৰ বিভিন্ন পোষ্টৰ মন্তব্য বর্ণবিদ্বেষী তথা অসংবেদনশীল আছিল বুলি বিতর্কৰ সৃষ্টি হৈছে৷ ২০১৭ত বার্লিনত হিটলাৰৰ পাশৱিকতাৰ স্মাৰক দর্শনৰ সময়ত বিতর্কিত মন্তব্য কৰিছিল ছামন্তে৷ গতিকে অক্সফ’ড বিশ্ববিদ্যালয়ত ইতিহাস সৃষ্টি কৰিও সংকটৰ সন্মুখীন হ’বলগীয়া হয় ছাত্রীগৰাকী৷

You might also like