আইপিএলৰ কনিষ্ঠতম খেলুৱৈ সূর্যবংশীক ভূয়সী প্রশংসা কামিনছৰ
ডিজিটেল ডেস্ক, ২৭ এপ্রিল : যশপ্রীত বুমৰাহ আৰু ট্রেণ্ট ব’ল্টৰ দৰে বিশ্বশ্রেষ্ঠ বলাৰৰ পাছত এইবাৰ অষ্ট্রেলিয়াৰ অলৰাউণ্ডাৰ পেট কামিনছৰ প্রথমটো বলতে ৬ কোবাই চমক সৃষ্টি কৰিলে আইপিএলৰ কনিষ্ঠতম খেলুৱৈ তথা বিস্ফোৰক বেটছমেন বৈভৱ সূর্যবংশীয়ে৷
চলিত ছিজনৰ আইপিএলৰ প্রথমখন মেচ খেলা কামিনছে শনিবাৰে ৰাজস্থানৰ অ’পেনাৰ জয়ছোৱালক আউট কৰিবলৈ সক্ষম হ’লেও আনগৰাকী অ’পেনাৰ বৈভৱৰ বিৰুদ্ধে বলিং কৰিবলৈ আহিয়েই তীব্র প্রহাৰৰ সন্মুখীন হয়৷ এক কথাত হায়দৰাবাদৰ বলাৰক দমন কৰা বৈভৱৰ বেটিংশৈলী দেখি অনুৰাগী হৈ পৰিল পেট কামিনছ৷
মেচখনৰ অন্তত হায়দৰাবাদৰ অধিনায়ক কামিনছে বৈভৱ সূর্যবংশীক ভূয়সী প্রশংসা কৰে৷ কামিনছে কয়– ‘এতিয়াৰ পৰা বৈভৱ মোৰ প্রিয় ক্রিকেটাৰ৷ তেওঁ সর্বশক্তিৰে বলত কোব মাৰে৷ তেওঁ প্রতিটো বলেই বাউণ্ডেৰীৰ বাহিৰলৈ মাৰি পঠাব পাৰে৷ তেওঁৰ বেটিংশৈলী দেখি বৰ ভাল লাগিছে৷’
বৈভৱক বলিং কৰাটো কিমান কঠিন সেই সন্দর্ভতো কামিনছে কয় যে যদি বলৰ লাইন আৰু লেংথ সঠিক নহয় তেতিয়া তেওঁ প্রহাৰ কৰাটো নিশ্চিত৷ সেয়েহে তেওঁৰ বিৰুদ্ধে বলিং কৰিবলৈ বলাৰগৰাকী নিখুঁত হ’ব লাগিব৷ বৈভৱৰ যথেষ্ট সম্ভাৱনা আছে আৰু ভৱিষ্যতে যিকোনো বলাৰকে তেওঁ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হ’ব৷
উল্লেখ্য যে হায়দৰাবাদৰ বিৰুদ্ধে ৩৬টা বলতে শতক অর্জন কৰা বৈভৱে ৫টা চাৰি আৰু ১২টা ছয় কোবাইছিল৷