নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত নিলামত জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

ডিজিটেল ডেস্ক, ২৭ এপ্রিল : ব্রিটেইনত নিলাম হ’বলৈ ওলাইছে সপ্তদশ শতিকাৰ ঐতিহ্যবাহী ভাৰতীয় ‘এষ্ট্র’নমিকেল কম্পিউটাৰ’৷ ২৯ এপ্রিলত লণ্ডনৰ ছোথবিচ নিলাম কেন্দ্রত বিক্রী হ’ব জয়পুৰৰ মহাৰাণী গায়ত্রী দেৱীৰ সংগ্রহত থকা এই সামগ্রী৷

এই যন্ত্রটো ইমানেই অভিনৱ যে জ্যোতির্বিজ্ঞানৰ জটিল অংকৰ নিখুঁত সমাধান নিমিষতে কৰি দিব পাৰে৷ পিতলৰ এই যন্ত্রৰ অসাধাৰণ ক্ষমতাৰ ফলত ইয়াক ছুপাৰ কম্পিউটাৰ বা প্রাচীন স্মার্ট ফোন হিচাপে গণ্য কৰে বিজ্ঞানীসকলে৷

ছোথবিচৰ ইছলামিক তথা ভাৰতীয় শিল্প বিভাগৰ মুৰব্বী বেনেডিক্ট কার্টাৰে এই যন্ত্রটোক বিৰলতম জ্যোতির্বৈজ্ঞানিক যন্ত্র হিচাপে উল্লেখ কৰিছে৷ ইতিহাসবিদসকলৰ মতে এই যন্ত্রটো মোগল ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ এক জীৱন্ত নিদর্শন৷ এই যন্ত্রটো দুর্লভতো হয়েই, লগতে ইয়াৰ ৰাজকীয় ঐতিহ্যৰ কাৰণে বিশেষজ্ঞসকলে অনুমান কৰিছে যে ই ১.৫ৰ পৰা ২.৫ মিলিয়ন পাউণ্ডত (প্রায় ১৫ৰ পৰা ২৫ কোটি টকা) বিক্রী হ’ব পাৰে৷

You might also like