নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীক মাটিৰ মানুহ আখ্যা বক্সাৰ বিজেন্দৰ সিঙৰ

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ  আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱাৰ সিদ্ধান্ত লোৱা টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক তথা উইকেটৰক্ষক মহেন্দ্র সিং ধোনীক অত্যন্ত সৰল মনৰ ব্যক্তি বুলি উল্লেখ কৰিছে তাৰকা বক্সাৰ বিজেন্দৰ সিঙে৷ ধোনীক অৱসৰৰ পিছৰ জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰি তাৰকাগৰাকীয়ে আজি কয় যে ধোনী অত্যন্ত সহজ–সৰল, নম্র আৰু ভদ্র ব্যক্তি৷ প্রকৃতার্থত তেওঁ এগৰাকী মাটিৰ মানুহ৷

উল্লেখ্য যে স্বাধীনতা দিৱসৰ সন্ধিয়া দেশবাসীক হতচকিত কৰি মহেন্দ্র সিং ধোনীয়ে ১৬ বছৰীয়া আন্তঃৰাষ্ট্রীয় কেৰিয়াৰ সামৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰ পিছতে দেশ–বিদেশৰ খেলুৱৈ, চলচ্চিত্র অভিনেতা–ভিনেত্রী আৰু ৰাজনৈতিক ক্ষেত্রৰ ব্যক্তিসকলে তাৰকা ক্রিকেটাৰগৰাকীক বর্ণিল কেৰিয়াৰৰ শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে৷ ‘মই তেওঁক কেইবাবাৰো ব্যক্তিগতভাৱে লগ পাইছিলো৷ তেওঁ সঁচাকৈয়ে অত্যন্ত ভদ্র আৰু নম্র ব্যক্তি আছিল৷ বিশ্বৰ অন্যতম শ্রেষ্ঠ বেটছমেন হোৱাৰ পিছতো তেওঁৰ ব্যক্তিত্বত কোনো অহংকাৰ দেখা নাছিলো৷ সৰু চহৰৰ যুৱ প্রজন্মক তেওঁ ডাঙৰ সপোন দেখিবলৈ শিকাইছে৷ দেশৰ বাবে তেওঁ যথেষ্টখিনি কৰিছে আৰু সেইবাবে তেওঁ সকলো সন্মানৰ যোগ্য৷’ বিজেন্দৰে এইদৰে কয়৷

You might also like