নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্রাবিড়ৰ ‘তাণ্ডৱ’ দেখি অবাক বিৰাট কোহলি

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ভদ্রলোকৰ খেল ক্রিকেটৰ প্রকৃত ভদ্রলোক হিচাপে পৰিচিত ভাৰতৰ একালৰ মহান বেটছমেন ৰাহুল দ্রাবিড়৷ দ্য ৱাল হিচাপে ক্রিকেট বিশ্বত সমাদৃত কিংবদন্তি বেটছমেনগৰাকীৰ মুখমণ্ডল মনলৈ আহিলেই ভাহি উঠে এগৰাকী ধীৰ–স্থীৰ আৰু গহীন–গম্ভীৰ ব্যক্তিৰ কথা৷ খেলপথাৰৰ ভিতৰে–বাহিৰে কেতিয়াও কোনো বিতর্কৰ আৱর্তলৈ নহা দ্রাবিড় হঠাতে হৈ পৰিছে এংৰী ইয়ংমেন৷ ট্রেফিক জামত আবদ্ধ দ্রাবিড়ে ধৈর্য আৰু সংযম হেৰুৱাই পথচাৰীক অকথ্য গালি–গালাজ কৰিছে৷ ভদ্রলোক দ্রাবিড়ৰ এই তাণ্ডৱৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে৷ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়েও প্রাক্তন ক্রিকেটাৰগৰাকীৰ এই আচৰণত অবাক হৈ পৰিছে৷ টুইটাৰত কোহলিয়ে আজি দ্রাবিড়ৰ খঙাল ৰূপৰ ভিডি’ শ্বেয়াৰ কৰি কৈছে যে ৰাহুল ভাইৰ এই ৰূপ আমি কেতিয়াও দেখা নাছিলোঁ৷ শান্ত–শিষ্ট স্বভাৱৰ ব্যক্তিগৰাকীৰ এই আক্রমণাত্মক আচৰণে ক্রিকেটপ্রেমীকো হতচকিত কৰি তুলিছে৷ মন কৰিবলগীয়া যে ক্রেডিট কার্ড পেমেণ্টৰ সৈতে জড়িত এটা কোম্পানীৰ বিজ্ঞাপনৰ শ্বুটিঙত ক্রিকেটৰ প্রকৃত ভদ্রলোক দ্রাবিড়ক অস্থিৰ আৰু অশান্ত হৈ উঠা দেখা গৈছে৷ আই পি এলৰ সময়ছোৱাত এই বিজ্ঞাপনটো দর্শকে টেলিভিছনৰ পর্দাত সঘনাই দেখিবলৈ পাব৷

You might also like