লর্ডছত প্রথম দিনা ইংলেণ্ডৰ সংগ্রহ ২৫১/৪
🔹 ৰুটৰ অপৰাজিত ৯৯ ৰান : নীতিশ কুমাৰৰ দুটা উইকেট
নিউজ ডেস্ক, ১১ জুলাই : লর্ডছত টীম ইণ্ডিয়াৰ বিপক্ষে কালিৰে পৰা আৰম্ভ হোৱা শৃংখলাৰ তৃতীয়খন টেষ্টত ঘৰুৱা দল ইংলেণ্ডে সুবিধাজনক স্থিতিত উপনীত হৈছে৷ টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি ইংৰাজ বাহিনীয়ে কালি প্রথম দিনাৰ খেলৰ অন্তলৈকে প্রথম ইনিংছত ৪টা উইকেট হেৰুৱাই ২৫১ ৰান সংগ্রহ কৰিছে৷ দিনান্তত জ’ ৰুটে ৯৯ আৰু অধিনায়ক বেন ষ্ট’কছে ৩৯ ৰান কৰি অপৰাজিত হৈ থাকে৷
জেক ক্র’লে আৰু বেন ডাকেটে ইনিংছ মুকলি কৰিবলৈ আহি ঘৰুৱা দলটোক সুন্দৰ আৰম্ভণি দিয়ে৷ দুয়োৰে মাজত প্রথম উইকেটত ৪৩ ৰান সংগ্রহ হোৱাৰ সময়তে ডাকেটে ব্যক্তিগত ২৩ ৰানত পেভিলিয়নমুখী হয়৷ ডাকেট আউট হোৱাৰ খন্তেক পিছতে আনগৰাকী অ’পেনাৰ জেক ক্র’লেয়েও পেভিলিয়নমুখী হয়৷ ক্র’লেই মাত্র ১৮ ৰানৰ অৱদান আগবঢ়ায়৷ প্রথমাৱস্থাত যশপ্রীত বুমৰাহ, আকাশ দীপ আৰু মহম্মদ চিৰাজে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অৱশ্যে নীতিশ কুমাৰ ৰেড্ডীয়ে দুয়োগৰাকী অ’পেনাৰক পেভিলিয়নৰ পথ দেখুৱায় আৰু ভাৰতীয় দলটোক সবল স্থিতিত উপনীত কৰায়৷ অৱশ্যে অ’লি প’প আৰু জ’ ৰুটে ধীৰে–সুস্থিৰে খেলি দলৰ বিপর্যয় ৰোধ কৰে৷ তৃতীয় উইকেটত দুয়োৰে মাজত ১০৯ ৰান সংগ্রহ হোৱাৰ সময়তে অ’লি প’পে বিদায় লয়৷ মাত্র ৬ ৰানৰ বাবে অর্ধশতকৰ পৰা বঞ্চিত হয় প’প৷ ৪৪ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায় প’পে৷ প’প আউট হোৱাৰ কিছু সময় পাছতে হেৰী ব্রুকক হেৰুৱাই ইংৰাজ বাহিনী পুনৰ শ’লঠেকত পৰে যদিও ৰুটে অধিনায়ক ষ্ট’কছৰ সৈতে লগ লাগি দলৰ বিপর্যয় পুনৰ ৰোধ কৰে৷ ব্রুকে মাত্র ১১ ৰানৰ অৱদানহে আগবঢ়ায়৷
ইপিনে, ৯৯ ৰানত অপৰাজিত হৈ থকা ৰুটে ষ্ট’কছৰ সৈতে পঞ্চম উইকেটত অপৰাজিতভাৱে ৭৯ ৰান সংগ্রহ কৰি দলক সুবিধাজনক স্থিতিত উপনীত কৰায়৷ ৰুটৰ ১৯১টা বলৰ ইনিংছটোত আছিল ৯টাকৈ বাউণ্ডেৰী৷ ইফালে, ষ্ট’কছে ১০২টা বলত তিনিটা বাউণ্ডেৰীৰে ৩৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ ভাৰতীয় দলটোৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সর্বাধিক দুটা উইকেট লাভ কৰাৰ লগতে যশপ্রীত বুমৰাহ আৰু ৰবীন্দ্র জাদেজা উভয়ে এটাকৈ উইকেট লাভ কৰে৷