🔹 ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ ৰাখিলেই নার্ছিং হোমৰ অনুজ্ঞাপত্র বাতিল–জৰিমনা
🔹 ৰাজ্যিক কেবিনেটত গ্রহণ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বিশেষ বাৰ্তা, ১১ জুলাই : ৰাজ্যৰ উন্নয়নৰ অর্থে কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ পৰীক্ষাৰ প্রস্তুতিৰ বাবে ছাত্র–ছাত্রীক প্রেৰণা আঁচনিৰে অনুপ্রেৰণা, নার্ছিং হোমলৈ বিশেষ নির্দেশনা, অংগনৱাড়ী কর্মী–সহায়িকাৰ ভাট্টা বৃদ্ধিকে ধৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে গ্রহণ কৰিলে কেইবাটাও সিদ্ধান্ত৷
লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকে অহা পহিলা নৱেম্বৰৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষার্থীসকলক প্রেৰণা আঁচনিৰ অধীনত ৩০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ শিক্ষা সামগ্রী, পুষ্টিকৰ খাদ্য আদি ক্রয়ৰ বাবে ৰাজ্যৰ প্রায় ৫ লাখ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষার্থীসকলৰ বাবে এই ধনৰাশি প্রদানৰ সিদ্ধান্ত লয় কেবিনেটে৷ আনহাতে, কেবিনেটে অংগনৱাড়ী কর্মীসকলৰ পাৰিতোষিক অতিৰিক্তভাৱে ১,৫০০ টকা আৰু অংগনৱাড়ী সহায়িকাসকলৰ পাৰিতোষিক অতিৰিক্তভাৱে ৭৫০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লয়৷ ইয়াৰ ফলত অংগনৱাড়ী কর্মীসকলৰ বর্তমান পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৮ হাজাৰ টকা আৰু অংগনৱাড়ী সহায়িকাসকলৰ বর্তমানৰ পাৰিতোষিক ৩,২৫০ৰ পৰা ৪ হাজাৰ টকা হ’বগৈ৷
কেবিনেটে ১ অক্টোবৰৰ পৰা কার্যকৰী হোৱাকৈ গাঁওপ্রধানসকলৰ পাৰিতোষিক ৯ হাজাৰ টকাৰ পৰা ১৪ হাজাৰ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লয়৷ বনগাঁৱত থকা গাঁওবুঢ়াসকলেও এই বর্ধিত পাৰিতোষিক লাভ কৰিব৷ কেবিনেটে সর্থেবাৰীৰ কাঁহশিল্পীসকলে প্রদান কৰা জিএছটিৰ ৰাজ্য চৰকাৰৰ অংশ ওভতাই দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷
কেবিনেট বৈঠকে চিকিৎসা ব্যয় পৰিশোধ কৰিব নোৱাৰা বাবে কোনো ব্যক্তিৰ মৃতদেহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কর্তৃপক্ষই পৰিয়ালৰ লোকক গতাই নিদিয়াকৈ ৰাখিব নোৱাৰিব৷ এইক্ষেত্রত চিকিৎসালয় কর্তৃপক্ষই মৃতদেহ ওভতাই দিবলৈ অস্বীকাৰ কৰিলে তেনে লোকৰ পৰিয়ালে ১০৪ নম্বৰত ফোন কৰি নতুবা স্থানীয় থানাত অৱগত কৰিলে আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্রহণ কৰিব৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে এটা মৃতদেহ ৪ ঘণ্টাতকৈ অধিক সময় আবদ্ধ কৰি ৰাখিলে তেনে চিকিৎসালয়ৰ অনুজ্ঞা-পত্র তিনি মাহৰ পৰা ৬ মাহলৈ বাতিল কৰাৰ লগতে ৫ লাখ টকা পর্যন্ত জৰিমনা বিহা হ’ব৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি চিকিৎসালয় কর্তৃপক্ষই এনে ঘটনাৰ পুনৰাবৃত্তি কৰিলে অনুজ্ঞা-পত্র স্থায়ীভাৱে বাতিল কৰা হ’ব৷ এই ব্যৱস্থা ১ আগষ্টৰ পৰা কার্যকৰী হ’ব৷
কালিৰ কেবিনেটে অসমৰ বিভিন্ন সত্রত বাস কৰা উদাসীন ভকতসকললৈ ১ অক্টোবৰৰ পৰা কার্যকৰী হোৱাকৈ ১,৫০০ টকাকৈ সাহায্যৰাশি প্রদান কৰিব৷ বেংক একাউণ্টযোগে আগবঢ়োৱা এই ধনৰাশি সত্রত থকা শিশু উদাসীন ভকতসকলেও লাভ কৰিব৷ কেবিনেটে হাতী–মানুহৰ সংঘাত দূৰ কৰাৰ অর্থে গজমিত্র নামৰ আঁচনিখন ৰূপায়ণত অনুমোদন জনায়৷ এই আঁচনিখন ৰূপায়ণৰ অর্থে নগাঁও, ওদালগুৰি, বাক্সা, শোণিতপুৰ, যোৰহাট, বিশ্বনাথ আৰু গোৱালপাৰা জিলাৰ ৮০টা স্থানত স্থানীয় ব্যক্তিৰে ৰেপিড ৰেছপনছ টীম গঠনৰ সিদ্ধান্ত লয় কেবিনেটে৷ এই গোটসমূহ ৮জনীয়া হ’ব৷ তদুপৰি বন্যহস্তীয়ে যাতে পর্যাপ্ত খাদ্য লাভ কৰে, সেই উদ্দেশ্যে হস্তী–মানুহৰ সংঘাত সর্বাধিক হোৱা স্থানসমূহত বাঁহ গছ, নেপিয়াৰ ঘাঁহ আদি ৰোপণ কৰা হ’ব, যাতে হস্তীয়ে বিকল্প খাদ্য লাভ কৰিব পাৰে৷ তেনে স্থানসমূহত সৌৰশক্তিচালিত ফেঞ্চিং স্থাপনৰো পদক্ষেপ গ্রহণ কৰা হ’ব৷
কেবিনেটে কালি হোজাইস্থিত ৰবীন্দ্রনাথ টেগৰ ইউনিভার্ছিটীখনৰ নাম সলনি কৰাৰ সিদ্ধান্ত লয়৷ এতিয়াৰে পৰা ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয় নামেৰে নামকৰণ হ’ব শীর্ষ শিক্ষানুষ্ঠানখন৷ তদুপৰি কেবিনেটে লখিমপুৰ জিলাৰ মৰনৈ–বেবেজীয়া আৰু বেবেজীয়া নামৰ ৫ শতাংশ জনজাতীয় লোকে বসবাস কৰা গাঁও দুখন ট্রাইবেল বেল্ট এণ্ড ব্লকৰ আওতাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, কেবিনেটে এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰসভাসমূহত কেইবাটাও অভিযন্তা পদ সৃষ্টিৰ বাবে অনুমোদন জনায়৷ কেবিনেটত মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ বিভিন্ন স্থানত তিনি হাজাৰৰো অধিক শিক্ষানুষ্ঠান, নামঘৰ, মন্দিৰ আদিৰো ভূমিপট্টা প্রদানত অনুমোদন জনায়৷ ৰাজ্যৰ সমূহ জিলাত এইদৰে ৰাজহুৱা প্রতিষ্ঠানক ভূমিপট্টা প্রদানৰ প্রক্রিয়া অহা ১৪ আগষ্টৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছে৷