নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বিৰুদ্ধে দুই টেষ্টলৈ ইংলেণ্ড দল ঘোষণা

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ভাৰতৰ বিৰুদ্ধে অহা ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্রথম দুখন মেচৰ বাবে ইংলেণ্ড দল ঘোষণা কৰা হৈছে৷ তাৰকা বেটছমেন জ’ ৰুটৰ নেতৃত্বত ঘোষিত দলটোলৈ প্রত্যাৱর্তন ঘটিছে অলৰাউণ্ডাৰ বেন ষ্ট’কছ, বেটছমেন ৰ’ৰি বার্নছ আৰু বেগী বলাৰ জ’ফ্রা আর্চাৰৰ৷

শ্রীলংকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত আর্চাৰ আৰু ষ্ট’কছক বিশ্রাম দিয়া হৈছিল৷ একেদৰে বার্নছ প্রথমটো সন্তান জন্মৰ বাবে গৃহভূমিলৈ উভতিছিল৷ ইফালে, ইংলেণ্ডৰ ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে জ’নী বায়েৰষ্ট’, ছেম কাৰেন আৰু মার্ক উডক ভাৰত ভ্রমণৰ পৰা বিশ্রাম দিছে৷ সম্প্রতি শ্রীলংকা ভ্রমণত ব্যস্ত থকা এই তিনিগৰাকী খেলুৱৈ ভাৰতৰ বিৰুদ্ধে প্রথম দুখন টেষ্টত নাথাকিব৷

উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ ফেব্রুৱাৰীৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত প্রথমখন টেষ্ট আৰম্ভ হ’ব৷

You might also like