নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবলঃ তিনি দেশৰ ১৬ চহৰত অনুষ্ঠিত হ’ব মেচ

নিয়মীয়া বাৰ্তা, ১৮ জুন: ২০২৬ চনৰ বিশ্বকাপ ফুটবল কোন কোন চহৰত অনুষ্ঠিত হ’ব, সেয়া প্রকাশ কৰিছে ফিফাই৷ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব সেইবাৰৰ বিশ্বকাপ ফুটবল প্রতিযোগিতা৷ তিনিখন দেশৰ মুঠ ১৬খন চহৰত মেচসমূহ খেলোৱা হ’ব৷ ইয়াৰ ভিতৰত আমেৰিকাত ১১খন, মেক্সিকোত তিনিখন আৰু কানাডাৰ দুখন চহৰত খেলসমূহ অনুষ্ঠিত হ’ব৷

ফিফাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, আমেৰিকাৰ আটলাণ্টা, ব’ষ্টন, ডালাছ, হাষ্টন, কেন্সাছ চিটী, লছ এঞ্জেলছ, মিয়ামী, নিউয়র্ক, ফিলাডেলফিয়া, ছান ফ্রান্সিছকো আৰু চিয়াটেলত আয়োজন কৰা হ’ব খেলসমূহ৷ আনহাতে, মেক্সিকোৰ মেক্সিকো চিটী, গুৱাডালাজাৰা আৰু মণ্টেৰীত খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে কানাডাৰ টৰণ্ট’ আৰু ভেংকোভাৰত খেলোৱা হ’ব বিশ্বকাপৰ মেচসমূহ৷ উল্লেখ্য যে আমেৰিকাৰ ১১খন চহৰৰ যি ১১খন ষ্টেডিয়ামত খেল অনুষ্ঠিত হ’ব, সেইবোৰত নেচনেল ফুটবল লীগ আয়োজন কৰা হয়৷

বিশ্বৰ আটাইতকৈ ধনী লীগ অনুষ্ঠিত হোৱা এই ষ্টেডিয়ামসমূহ ফুটবল বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবে সম্পূর্ণৰূপে সাজু৷ মেক্সিকো চিটীৰ বিখ্যাত আজটেকা ষ্টেডিয়ামত খেল অনুষ্ঠিত হয়৷ সেইখন ষ্টেডিয়ামত ১৯৭০ আৰু ১৯৮৬ চনৰ বিশ্বকাপৰ ফাইনেল খেলোৱা হৈছিল৷ প্রথমবাৰৰ বাবে কোনো ষ্টেডিয়ামে তিনিবাৰ ফুটবল বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰিছে৷ বিশ্বকাপৰ উদ্বোধনী আৰু ফাইনেল মেচ কোন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, সেয়া এতিয়াও স্থিৰ হোৱা নাই বুলি জনাইছে ফিফাই৷

You might also like