নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ হোটেলত লেখিকাক ধর্ষণ ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা, ১৮ জুন: মহাৰাষ্ট্রৰ ৰাজধানী মুম্বাইৰ পঞ্চতাৰকা হোটেল এখনত সংঘটিত হৈছে ধর্ষণৰ ঘটনা৷ এজন প্রখ্যাত ব্যৱসায়ীৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ আনিছে জনপ্রিয় লেখিকা এগৰাকীয়ে৷ আনকি এই ঘটনাত নাম জড়িত হৈছে কুখ্যাত মাফিয়া ডাউদ ইব্রাহিমৰ৷ লেখিকাগৰাকীয়ে অভিযোগ কৰা অনুসৰি ধর্ষণৰ পাছত ডাউদ তথা ডি কোম্পানীৰ নাম লৈ ব্যৱসায়ীজনে তেওঁক ভাবুকি প্রদান কৰে৷ মুখ খুলিলেই প্রাণনাশৰ ভাবুকি প্রদান কৰা হৈছে লেখিকাগৰাকীক৷ নির্যাতিত লেখিকাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ অভিযুক্ত ব্যৱসায়ীৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰো ৰুজু কৰিছে মুম্বাই আৰক্ষীয়ে৷ লেখিকাগৰাকীয়ে অভিযোগ কৰা অনুসৰি জুহুৰ এখন পঞ্চতাৰকা হোটেলত সংঘটিত হৈছে এই পাশৱিক কার্য৷

You might also like