নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই

ডিজিটেল ডেস্ক, ৩ মে’ : পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলৰ প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে৷ শনিবাৰে চেন্নাইত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত মুম্বায়ে চেন্নাই ছুপাৰ কিংছৰ হাতত ৮ উইকেটত পৰাস্ত হয়৷

মেচখনত হার্দিক বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক ৰুতুৰাজ গাইকোৱাডৰ অপৰাজিত ৬৭ আৰু কার্তিক শর্মাৰ অপৰাজিত ৫৪ ৰানৰ সহায়ত চেন্নায়ে ১৮.১ অভাৰত ২টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ সঞ্জু ছেমছনে ১১ আৰু উর্ভিল পেটেলে ২৪ ৰান কৰি বিদায় লয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি নমন ধীৰৰ ৫৭ আৰু ৰিয়ান ৰিকেলটনৰ ৩৭ ৰানৰ সহায়ত মুম্বায়ে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৯ ৰান কৰে৷ সূর্যকুমাৰ যাদৱে ২১, অধিনায়ক হার্দিক পাণ্ডিয়াই ১৮, তিলক বার্মাই ৫ আৰু উইল জেকছে মাত্র ১ ৰান কৰে৷ চেন্নাইৰ হৈ অংশুল কম্বোজে সর্বাধিক ৩টা উইকেট লাভ কৰে৷

উল্লেখ্য যে মুম্বায়ে ৯খন মেচ খেলি দুখনত জয় আৰু ৭খনত পৰাস্ত হোৱাৰ বিপৰীতে চেন্নায়ে ৯খনৰ ৪খনত জয় আৰু ৫খনত পৰাস্ত হৈছে৷

You might also like