নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী কেপিটেলছক লৈ আশাবাদী গম্ভীৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ প্রশিক্ষক ৰিকী পণ্টিঙৰ তত্ত্বাৱধানত দিল্লী কেপিটেলছে এইবাৰ আই পি এলত খিতাপ জয় কৰা উচিত৷ তৃতীয় বছৰৰ বাবে প্রশিক্ষকৰ দায়িত্ব পালন কৰা পণ্টিঙৰ পৰা দিল্লীৰ জনসাধাৰণে এইবাৰ এই আশা কৰিছে৷ ভাৰতৰ প্রাক্তন বাঁওহতীয়া বেটছমেন গৌতম গম্ভীৰে আজি দিল্লী কেপিটেলছক লৈ এই মন্তব্য আগবঢ়ায়৷ ‘আই পি এলত যিকোনো দলে খিতাপ জয় কৰিব পাৰে৷ প্রতিটো দলত মেচ উইনাৰ খেলুৱৈ আছে আৰু প্রতিটো দল সমানে ভাৰসাম্য৷ কিন্তু মুম্বাই ইণ্ডিয়ানছ মোৰ বোধেৰে অধিক আগুৱাই আছে৷ অৱশ্যে মই আশা কৰিছোঁ যে দিল্লী কেপিটেলছে এইবাৰ আই পি এলত খিতাপ জয় কৰিব পাৰিব৷ প্রশিক্ষক ৰিকী পণ্টিঙে দলটোক খিতাপৰ দিশে লৈ যোৱা উচিত৷’ গম্ভীৰে এইদৰে কয়৷ উল্লেখ্য যে শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দলটোৱে বিগত বর্ষৰ আই পি এলত তৃতীয় স্থান দখল কৰিছিল৷ কলকাতা নাইট ৰাইডার্ছৰ হৈ দুবাৰ আই পি এলৰ খিতাপ জয় কৰা গম্ভীৰো এটা সময়ত দিল্লী দলটোৰ সদস্য আছিল

You might also like