ফিফা বিশ্বকাপ-লৈ যোগ্যতা অর্জন জার্মানী, নেদাৰলেণ্ডছৰ, মূল ৰাউণ্ডত স্থান লাভ ৩৪টা দলৰ
২০২৬ চনৰ ফিফা বিশ্বকাপৰ মূল মঞ্চলৈ আৰু দুটা ইউৰোপীয় দলে যোগ্যতা অর্জন কৰিছে৷ গ্রুপৰ অন্তিমখন খেলত জয়লাভ কৰি জার্মানী আৰু নেদাৰলেণ্ডছে ফিফাৰ সন্মানীয় প্রতিযোগিতাখনত খেলাৰ যোগ্যতা অর্জন কৰে৷
সোমবাৰে নিশা লেইপজিগত অনুষ্ঠিত গ্রুপ এৰ অন্তিমখন খেলত জার্মানীয়ে শ্ল’ভাকিয়াক ৬–০ গ’লত বিধ্বস্ত কৰি বিশ্বকাপলৈ টিকট কাটে৷ একপক্ষীয় মেচখনত ৪ বাৰৰ চেম্পিয়ন জার্মানীৰ হৈ লেৰয় ছানে দুটাকৈ গ’ল স্ক’ৰ কৰে৷ প্রথমৰ পৰাই নিজৰ নিয়ন্ত্রণত ৰখা মেচখনৰ ১৮ মিনিটত জার্মানীয়ে প্রথমটো সফলতা লাভ কৰে৷
নিক ৱল্টমেডে দলটোৰ হৈ প্রথমটো গ’ল স্ক’ৰ কৰে৷ ইপিনে, ২৯ মিনিটত ছার্গে গাব্রি, ৩৬ আৰু ৪১ মিনিটত লেৰয়ে, ৬৭ মিনিটত ৰিডল বাকু আৰু ৭৯ মিনিটত আছান কুৱেড্রাগোৱে গ’ল স্ক’ৰ কৰে৷ জার্মানীয়ে গ্রুপ এৰ ৬খন মেচৰ ৫খনত জয় আৰু এখনত পৰাস্ত হৈ ১৫ পইণ্টেৰে গ্রুপত শীর্ষস্থান লাভ কৰি বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰে৷
মন কৰিবলগীয়া যে জার্মানীয়ে ২১তম বাৰৰ বাবে বিশ্বকাপ খেলিব৷ ইফালে, নেদাৰলেণ্ডছেও লিথুৱেনিয়াক সহজেই ৪–০ গ’লত পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে৷ গ্রুপ জিত ৮খন মেচৰ ৬খনত জয় আৰু দুখন ড্র খেলি মুঠ ২০ পইণ্ট লাভ কৰি গ্রুপৰ শীর্ষস্থানত থকা নেদাৰলেণ্ডছে আমষ্টাৰডামত অনুষ্ঠিত একপক্ষীয় মেচখনৰ কোনো এটা সময়তে বিপক্ষ দলটোক প্রত্যাহ্বান জনোৱাৰ সুযোগ দিয়া নাছিল৷
উল্লেখ্য যে অহা বছৰ ৪৮টা দলৰ মাজত বিশ্বকাপ অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৩৪টা দলে মূল ৰাউণ্ডৰ বাবে যোগ্যতা অর্জন কৰিছে আৰু ১৪টা দলে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিবলৈ বাকী আছে৷ উল্লেখ্য যে অহা বছৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাখন অনুষ্ঠিত হ’ব৷
ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ