নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত আজি আইপিএলৰ ফাইনেলত গুজৰাট-বেংগালুৰুৰ মহাৰণ

ডিজিটেল ডেস্ক, ৩১ মে’ : দুমাহজোৰা প্রতীক্ষাৰ অন্ত৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট লীগ আইপিএলৰ বহু প্রতীক্ষিত ফাইনেল মেচখন আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিগত ২৮ মার্চৰ পৰা দেশৰ ১৩টা ভেন্যুত অনুষ্ঠিত প্রতিযোগিতাখনৰ আজি হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছে৷ মেচখনত আৰচিবিক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷

প্রতিযোগিতাখনৰ প্রথমখন কোৱালিফায়াৰত শুভমন গিল নেতৃত্বাধীন গুজৰাটক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা ৰজত পাটিদাৰ নেতৃত্বাধীন আৰচিবিয়ে খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ মেচখনত মূল যুঁজ হ’ব কিং কোহলি আৰু প্রিঞ্চ গিলৰ মাজত৷ দুয়োগৰাকী তাৰকা খেলুৱৈয়ে চলিত আইপিএলত ইখনৰ পিছত সিখন মেচত চমকপ্রদ বেটিং দাঙি ধৰিছে৷ শুকুৰবাৰে নিশা নিউ চণ্ডীগড়ত ৰাজস্থান ৰয়েলছৰ বিপক্ষে অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত অধিনায়ক গিলে দর্শনীয় শতক অর্জন কৰি দলটোৰ জয়ত মুখ্য ভূমিকা লয়৷ প্রতিযোগিতাখনত গিলে এতিয়ালৈকে ৬টা অর্ধশতক আৰু এটা শতক অর্জন কৰি নিজকে দুর্দান্ত ফর্মত থকাৰ ইংগিত দিছে৷

আজিৰ বহু প্রতীক্ষিত ফাইনেল মেচখন ৰোমাঞ্চকৰ হৈ উঠাটো খাটাং৷ ডিফেণ্ডিং চেম্পিয়ন আৰচিবিয়ে বেটিং–বলিং উভয়তে দুর্দান্ত প্রদর্শন দাঙি ধৰি আহিছে৷ অধিনায়ক ৰজত পাটিদাৰে কেইবাটাও বিস্ফোৰক ইনিংছ খেলি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ আজিৰ মেচখনতো অধিনায়কগৰাকীৰ পৰা আন এক বিস্ফোৰক ইনিংছ আশা কৰিছে সতীর্থসকলে৷ আজিৰ মেচখনত আৰচিবিৰ মূল একাদশত ভেংকটেশ আয়াৰে পুনৰ স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ গ্রুপৰ অন্তিমখন আৰু প্রথমখন কোৱালিফায়াৰত ভেংকটেশে আক্রমণাত্মক বেটিং দাঙি ধৰিছিল আৰু ইয়াৰ সুবাদতে আজিৰ ফাইনেলতো খেলাৰ সম্ভাৱনা আছে অ’পেনাৰগৰাকীৰ৷ বিৰাট কোহলিৰ লগতে অধিনায়ক ৰজত পাটিদাৰ, জিতেশ শর্মা, ক্রুনাল পাণ্ডিয়া আৰু টিম ডেভিদেও সুন্দৰ প্রদর্শন দাঙি ধৰি আহিছে৷

বলিঙত ভুবনেশ্বৰ কুমাৰ আৰু জ’ছ হেজলউডৰ প্রদর্শনৰ ওপৰত দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ আনহাতে, গুজৰাট টাইটানছৰ বেটিং নির্ভৰ কৰিব অধিনায়ক গিলৰ লগতে সাই সুদর্শন আৰু জ’ছ বাটলাৰৰ ওপৰত৷ বলিঙৰ দায়িত্বত থাকিব মহম্মদ চিৰাজ, কাগিছ’ ৰাবাডা আৰু প্রসিদ্ধ কৃষ্ণৰ ওপৰত৷ খেলৰ সময় : নিশা ৭.৩০ বজা৷

You might also like