নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ভূ-পৃষ্ঠৰ তাপমাত্রাই পাৰ কৰিব ৬০ ডিগ্রী চেলছিয়াছ

ডিজিটেল ডেস্ক, ৩১ মে’ : ভয়ংকৰ গৰমে দহিছে দেশৰ ৰাজধানী চহৰ৷ দিল্লী এতিয়া লাহে লাহে ৰূপান্তৰিত হৈছে জ্বলন্ত অগ্ণিকুণ্ডলৈ৷ চেণ্টাৰ ফৰ ছায়েঞ্চ এণ্ড এনভাইৰনমেণ্ট (চিএছই) নামৰ সংস্থাটোৱে প্রকাশ কৰা এক চাঞ্চল্যকৰ মানচিত্রই উদঙাই দিছে এক ভয়াৱহ বাস্তৱ৷

এই মানচিত্র অনুসৰি গ্রীষ্মৰ চৰম পর্যায় দিল্লীৰ কেতবোৰ অঞ্চলৰ ভূ–পৃষ্ঠৰ তাপমাত্রা ৬০ ডিগ্রী চেলছিয়াছ পর্যন্ত স্পর্শ কৰিব৷ তাতোকৈ ডাঙৰ কথাটো হ’ল এই প্রচণ্ড উত্তাপৰ বাবে দৰিদ্র আৰু প্রান্তীয় অঞ্চলসমূহত এক অসহ্য তাপপ্রৱাহৰ প্রৱণতাত পৰাৰ আশংকা ঘনীভূত হৈছে৷ চিএছইৰ এই মানচিত্রত বিভিন্ন অঞ্চলৰ তাপমাত্রাক বুজাবলৈ বিশেষ ৰং–সংকেত ব্যৱহাৰ কৰা হৈছে৷ গাঢ় ৰঙা আৰু গাঢ় কমলা ৰঙৰ অঞ্চলসমূহে চহৰখনৰ আটাইতকৈ উত্তপ্ত অঞ্চলক সূচাইছে, য’ত তাপমাত্রা ৫৩ ডিগ্রী চেলছিয়াছৰ পৰা ৬০ ডিগ্রী চেলছিয়াছৰ ভিতৰত থাকিব৷

উপগ্রহীয় তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে অপৰিকল্পিত আৰু দ্রুত নগৰীকৰণৰ বাবে দিল্লীৰ ৭৬ শতাংশ ভৌগোলিক অঞ্চল এতিয়া ধাৰাবাহিকভাৱে তীব্র উত্তাপ বা অসহ্য গৰমৰ কবলত পৰিছে৷ প্রতিবেদন অনুসৰি, ২০২৪ৰ মে’ মাহত দিল্লীৰ সামগ্রিক গড় ভূ–পৃষ্ঠৰ তাপমাত্রা আছিল ৪৮.৪৬ ডিগ্রী চেলছিয়াছ আৰু চহৰখনৰ প্রায় দুই–তৃতীয়াংশ পৌৰ ৱার্ডতে তাপমাত্রা আছিল ৪৫ ডিগ্রী চেলছিয়াছৰো অধিক৷ আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীৰ বহিঃঅঞ্চলৰ পৰা প্রান্তীয় অঞ্চলসমূহত৷ কেইবাদশক ধৰি কংক্রিটৰ ঘনত্ব বৃদ্ধিৰ ফলত উত্তৰ–পশ্চিম, দক্ষিণ–পশ্চিম আৰু পূব দিল্লীৰ এক বৃহৎ এলেকা গৰমৰ প্রতি অত্যন্ত সংবেদনশীল হৈ পৰিছে৷ ইয়াৰ বিপৰীতে গছেৰে আবৃত চেন্ট্ৰেল দিল্লী যথেষ্ট শীতল হৈ আছে৷

বিশেষজ্ঞসকলৰ মতে, দিল্লীৰ এই ভয়ংকৰ গৰমৰ বাবে কেৱল প্রাকৃতিক জলবায়ু পৰিৱর্তন দায়ী নহয়, বৰঞ্চ মানৱসৃষ্ট কার্যকলাপেই ইয়াৰ মূল কাৰণ৷ দশক দশক ধৰি চহৰখনত চলোৱা নির্মাণকার্যই মাটি আৰু গছ–গছনি ধ্বংস কৰি সমগ্র অঞ্চলটো কংক্রিটেৰে ঢাকি পেলোৱা হৈছে৷ এই কংক্রিটৰ গাঁথনিবোৰে দিনৰ ভাগত সূর্যৰ তাপ ধৰি ৰাখে আৰু ৰাতিৰ ভাগত এৰি দিয়াত ৰাতিও বৃদ্ধি পায় গৰমৰ মাত্রা৷ তদুপৰি ঔদ্যোগিক কার্যকলাপ আৰু লাখ লাখ এয়াৰ কণ্ডিচনাৰৰ পৰা ওলোৱা গৰম বতাহে এই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷

প্রচণ্ড গৰমৰ বাবে আটাইতকৈ বেছি প্রভাৱিত হৈছে আর্থিকভাৱে পিছপৰা শ্রেণী৷ নির্মাণ শ্রমিক, পদপথৰ ব্যৱসায়ী, কুৰিয়াৰ সেৱাৰ সৈতে জড়িত লোক, অনাময় কর্মী, দিনহাজিৰা কৰা লোকসকল, মুকলি আকাশৰ তলত কাম কৰিবলগীয়া হোৱাত তেওঁলোকৰ জীৱন দুর্বিষহ হৈ পৰিছে৷ তদুপৰি বস্তি বা প্রান্তীয় অঞ্চলত বসবাস কৰা লোকসকলৰ টিনৰ চালি থকা সৰু সৰু জুপুৰিবোৰ প্রচণ্ড উত্তাপত গৰম হৈ পৰাত নিশাও অসহ্য পৰিৱেশত কটাবলগীয়া হয়৷ ইয়াৰ ফলত শিশু–মহিলাসকল হিটষ্ট্র’ক, জল বিয়োজন আৰু শাৰীৰিক দুর্বলতা সমস্যা আদিত ভোগে৷ ইফালে, দিল্লীৰ এই সম্ভাব্য আশংকাৰ পৰিপ্রেক্ষিতত বতৰ বিজ্ঞানীয়ে সতর্কবাণী জাৰি কৰিছে৷ চৰকাৰকো আহিবলগীয়া সংকটৰে মোকাবিলা কৰিবলৈ পৰামর্শ আগবঢ়ায়৷

You might also like