নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ আমবাৰীৰ পৰা বাঘে চিকাৰ কৰিলে পোহনীয়া কুকুৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ মহানগৰীত মাজনিশা বাঘ ওলোৱা খবৰ এতিয়া তেনেই সুলভ। কালিও সংঘটিত হ’ল বাঘৰ এক নৈশ কাণ্ড। কালি বাঘে নৈশভ্ৰমণেই নহয় পোহনীয়া কুকুৰ চিকাৰ কৰি লৈ গ’ল বাঘে।

আমবাৰীৰ তুলাফেক্টৰীৰ মিলন পথস্থিত এঘৰ লোকৰ ঘৰ চৌহদত প্ৰৱেশ কৰি নাহৰফুটুকী বাঘে চিকাৰ কৰে পোহনীয়া কুকুৰ। চিচি টিভিত বন্দী হয় বাঘৰ কুকুৰ চিকাৰৰ ৰোমাঞ্চকৰ দৃশ্য।

You might also like