গুৱাহাটীত ৰাজস্থান-চেন্নাইৰ হাইভল্টেজ মেচ, আজিৰে পৰা দর্শকৰ বাবে টিকট মুকলি
ডিজিটেল ডেস্ক, ১৫ মার্চ : ২০২৬ বর্ষৰ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ এখন হাইভল্টেজ মেচ ৩০ মার্চত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব৷ আজিৰ পৰা দর্শকে মেচখনৰ অনলাইন টিকট ক্রয় কৰিব পাৰিব৷ দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্রথম চাৰি ঘণ্টাত ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰি থোৱা দর্শকসকলে প্রথমে টিকট ক্রয় কৰাৰ সুযোগ লাভ কৰিব৷
আনহাতে, বিয়লি ৬ বজাৰ পৰা সকলো ক্রীড়াপ্রেমীৰ বাবে টিকট ক্রয়ৰ এপ মুকলি কৰা হ’ব৷ উল্লেখ্য যে এইবাৰ দর্শকৰ সুবিধাৰ বাবে ৰাজস্থান ৰয়েলছে প্রথমবাৰলৈ ডিজিটেল ম’বাইল টিকেটিং ব্যৱস্থা আৰম্ভ কৰিছে৷ ইয়াৰ বাবে দর্শকে একমাত্র ডিষ্ট্রিক্ট–জ’মাটো এপৰ সহায় ল’ব লাগিব৷ গুগল প্লে’ ষ্ট’ৰৰ পৰা এপটো ডাউনলোড কৰি অতি সহজে ফোনতে দর্শকে পছন্দৰ টিকট ক্রয় কৰিব পাৰিব৷
ৰাজস্থান ৰয়েলছে এইবাৰ ৭খন ঘৰুৱা মেচৰ তিনিখন গুৱাহাটীত খেলিব৷ ইয়াৰে প্রথমখন মেচত ৩০ মার্চত চেন্নাই ছুপাৰ কিংছ, ৭ এপ্রিলত মুম্বাই ইণ্ডিয়ানছ আৰু ১০ এপ্রিলত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব৷