নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ দহোটীয়াত ৩০খন বিছনাযুক্ত সামূহিক স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণৰ শিলান্যাস

যোৰহাটৰ দহোটীয়াত ৩০খন বিছনাযুক্ত সামূহিক স্বাস্থ্যকেন্দ্ৰৰ শিলান্যাস শনিবাৰে কৰা হয়। চৰকাৰৰ পঞ্চবাৰ্ষিক বিত্তীয় আয়োগৰ ২০২৪-২৫ বৰ্ষৰ পুঁজিৰ ৫ কোটি ৭৩ লাখ ৯৯ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পশ্চিম যোৰহাটৰ দহোটীয়া ৩০খন বিছনাযুক্ত সামূহিক স্বাস্থ্যকেন্দ্ৰৰ শিলান্যাস কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰীয়ে।

এই উপলক্ষে মৃদুল হাজৰিকাই আঁত ধৰা সভাত বাঘচোং খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া ডাঃ মালিতা ৰাজকোঁৱৰ, স্বাস্থ্য বিভাগৰ কনিষ্ঠ অভিযন্তা ঋতুপৰ্ণ শৰ্মা, জন আৰোগ্য সমিতিৰ সভাপতি প্ৰশান্ত বৰা, সদস্য গৌৰী শংকৰ ভূঞাই বক্তব্য আগবঢ়ায়। যোৰহাট জিলা পৰিষদৰ খঙীয়াৰ সদস্য মামন দেৱী, উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি হিমাশ্ৰী নেওগ, চিকিৎসালয়খনৰ ডাঃ স্বপ্ননীল বৰাসহ ভালেকেইজন ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। অঞ্চলটোৰ পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ উপৰি বহুসংখ্যক লোক উপস্থিত থকা সভাৰ আৰম্ভণিতে স্থানীয় লৱণ শৰ্মাই বন্তি প্ৰজ্বলন কৰে আৰু প্ৰশান্ত বৰাই নাৰিকল ভাঙে।

বিশেষ বাৰ্তা, যোৰহাট, ১৫মাৰ্চ :
You might also like