নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ দ্বিতীয়খন তালিকাত ২৩ প্রার্থীৰ নাম, কোন সমষ্টিত কোনে পালে টিকট?

ডিজিটেল ডেস্ক, ১৫ মার্চ : ৰাজ্যত অব্যাহত থকা নির্বাচনী তৎপৰতা তথা জল্পনা–কল্পনাৰ ওৰ পেলাই হাইকমাণ্ডৰ অনুমোদন ক্রমে শনিবাৰে নিশা কংগ্রেছে দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰে৷ এই তালিকাত ২৩জন দলীয় প্রার্থীৰ নাম সন্নিৱিষ্ট হোৱাৰ বিপৰীতে আন ১৫খন আসন মিত্রদলৰ নামত ৰাখিছে৷

লক্ষণীয়ভাৱে এই মিত্রদল কোন হ’ব সেই কথা স্পষ্টভাৱে সদৰী কৰা নাই সর্বভাৰতীয় কংগ্রেছে৷ ঘোষিত তালিকা অনুসৰি গোলকগঞ্জত কার্তিক চন্দ্র ৰয়, বীৰছিং–জৰুৱাত ৱাজেদ আলী চৌধুৰী, বিলাসীপাৰাত অমৃত বাদশ্বাহ, মানকাচৰত মহিবুৰ ৰহমান, গোৱালপাৰা পূবত আবুল কালাম ৰছিদ আলম, দুধনৈ (এছটি)ত কিশোৰ কুমাৰ ব্রহ্ম, সৃজনগ্রামত নুৰুল ইছলাম, মন্দিয়াত আব্দুল খালেক, চমৰীয়াত ৰেকিবুদ্দিন আহমেদ, ৰঙিয়াত প্রাণজিৎ চৌধুৰী, ডিমৰীয়া (এছটি)ত কিশোৰী কুমাৰ বৰুৱা, নিউ গুৱাহাটীত শান্তনু বৰুৱা, মঙলদৈত ৰিজুমণি তালুকদাৰ, হোজাইত ঝিলী চৌধুৰী, ঢেকীয়াজুলিত বাদশ্বাহ ওৰাং, ৰঙাপৰাত কার্তিক চন্দ্র কুর্মী, গহপুৰত ডাঃ শংকৰজ্যোতি কুটুম, ধেমাজি (এছটি)ত শৈলেন সোণোৱাল, তিনিচুকীয়াত ডেভিদ ফুকন, টিংখাঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বড়া, ধলাই (এছচি)ত ধ্রুৱজ্যোতি পুৰকায়স্থ আৰু কৰিমগঞ্জ উত্তৰত আমিনুল ৰছিদ চৌধুৰীক প্রার্থিত্ব প্রদান কৰা  হৈছে৷

লক্ষণীয়ভাৱে মিত্রদলৰ নামত ৰখা সমষ্টিকেইটা হৈছে– ভৱানীপুৰ–সৰভোগ, বজালী, পলাশবাৰী, গুৱাহাটী চেন্ট্ৰেল, গোৰেশ্বৰ, মৰিগাঁও, বঢ়মপুৰ, বিন্নাকান্দি, বজালী (এছচি), শদিয়া, ডিব্রুগড়, খোৱাং, সৰুপথাৰ, ডিফু (এছটি) আৰু আমৰী (এছটি)৷ উল্লেখ্য যে ইতিপূর্বে কংগ্রেছে প্রথম তালিকাত ৪২ প্রার্থিত্বপ্রত্যাশীৰ নাম ঘোষণা কৰিছিল৷ ইয়াকে ধৰি ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে মুঠ ৬৫জন টিকটপ্রত্যাশীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে৷

You might also like