নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিলীপ দোশীৰ অভিলেখ স্পর্শ অক্ষৰ পেটেলৰ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ অভিষেক টেষ্ট শৃংখলাত ২৭টা উইকেট দখল কৰি টীম ইণ্ডিয়াৰ প্রতিভাৱান অলৰাউণ্ডাৰ অক্ষৰ পেটেলে ভাৰতীয় দলটোৰে প্রাক্তন খেলুৱৈ দিলীপ দোশীৰ অভিলেখটো স্পর্শ কৰিবলৈ সক্ষম হৈছে৷

ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে খেলা চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ দ্বিতীয়খন টেষ্টত অভিষেক ঘটা অক্ষৰে টেষ্টখনৰ প্রথম ইনিংছত দুটা আৰু দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰি চমক সৃষ্টি কৰে৷

ইফালে, আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন টেষ্টত মুঠ ১১টা উইকেট লাভ কৰাৰ লগতে আহমেদাবাদতে কালি সামৰণি পৰা চতুর্থ তথা অন্তিমখন টেষ্টতো মুঠ ৯টা উইকেট দখল কৰি টেষ্ট শৃংখলাটোত ২৭টা উইকেট দখল কৰি দিলীপ দোশীৰ অভিলেখটো স্পর্শ কৰে৷

You might also like