নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহৰুখ খানৰ কলকাতা নাইট ৰাইডার্ছৰ কাৰ্যত অসন্তুষ্ট হিন্দুত্ববাদী সংগঠন

🔹 হিন্দু মহাসভাৰ নেত্রীৰ বিস্ফোৰক মন্তব্যক লৈ সৃষ্টি হৈছে বিতর্ক

নিউজ ডেস্ক, ৩ জানুৱাৰী : বর্তমান বাংলাদেশৰ পৰিস্থিতি খুবেই ভয়ানক৷ অস্থিৰতাৰ মাজত থকা দেশখনত ভাৰতবিৰোধী শক্তিৰ উত্থানৰ সমান্তৰালকৈ সংখ্যালঘু হিন্দুৰ ওপৰত নিৰন্তৰ আক্রমণ অব্যাহত আছে৷ শেহতীয়াকৈ কেইবাগৰাকী হিন্দু লোকক নৃশংসভাৱে হত্যা কৰা হৈছে৷ এনে পৰিস্থিতিত ভাৰততো তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বাংলাদেশৰ বিৰুদ্ধে বিভিন্ন দল–সংগঠনে প্রতিবাদ অব্যাহত ৰাখিছে৷ এনেবোৰ পৰিস্থিতিৰ মাজতো আইপিএলত বাংলাদেশী খেলুৱৈ অন্তর্ভুক্ত হোৱাক লৈ তীব্র ক্ষোভৰ সৃষ্টি হৈছে৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ কলকাতা নাইট ৰাইডার্ছে বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক কেইবাকোটি টকাত ক্রয় কৰাক লৈ অসন্তুষ্টি প্রকাশ কৰিছে হিন্দুত্ববাদী সংগঠনসমূহে৷

সর্বভাৰতীয় হিন্দু মহাসভা আৰু হিন্দু সংগঠনে বৃহস্পতিবাৰে অভিনেতা শ্বাহৰুখ খানৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ শ্বাহৰুখ খানৰ ফটোত ক’লা ৰং সানি প্রতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই৷ তেওঁলোকে সকীয়াই দিছে যে যদি বাংলাদেশী ক্রিকেটাৰে আইপিএলৰ বাবে ভাৰতলৈ আহে তেন্তে তীব্র আন্দোলন গঢ়ি তোলা হ’ব৷ অভিনেতাগৰাকীৰ বাসগৃহলৈ গৈ প্রতিবাদ কৰাৰো হুংকাৰ দিছে সংগঠনসমূহে৷ এই সন্দর্ভত সর্বভাৰতীয় হিন্দু মহাসভাৰ জিলা সভানেত্রী মীৰা ৰাথোৰে এক বিস্ফোৰক মন্তব্য কৰে৷ তেওঁ কয়- ‘যিয়ে শ্বাহৰুখ খানৰ জিভা কাটি আনিব পাৰিব তেওঁক ১ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব৷ শ্বাহৰুখ খানে এক ঘৃণনীয় কাম কৰিছে৷ আইপিএলত বাংলাদেশী ক্রিকেটাৰক উৎসাহিত কৰা হৈছে৷ শ্বাহৰুখ খানৰ ভাৰতৰ প্রতি প্রেম নাই৷’

মীৰা ৰাথোৰে লগতে কয়- ‘তেওঁ সদায় পাকিস্তান আৰু বাংলাদেশৰ প্রশংসা কৰি আহিছে৷ এনে অভিনেতাৰ ভাৰতত থকাৰ কোনো অধিকাৰ নাই৷ বাংলাদেশত হিন্দুক হত্যা কৰা হৈছে আৰু শ্বাহৰুখ খানে বাংলাদেশৰ লোকসকলক উৎসাহিত কৰি আছে৷ আজি আমি শ্বাহৰুখ খানৰ পোষ্টাৰত ক’লা ৰং সানি প্রতিবাদ কৰিছোঁ৷’

ইপিনে, প্রতিবাদকাৰীয়ে কয়- বাংলাদেশত হিন্দুসকলক হত্যা কৰা হৈছে৷ তথাপি শ্বাহৰুখ খানে বাংলাদেশক সহায় কৰি আছে৷ ভাৰতৰ প্রতি তেওঁৰ কোনো প্রেম নাই৷ আমি কেন্দ্রীয় চৰকাৰক দাবী জনাইছোঁ যে শ্বাহৰুখ খানৰ সম্পত্তি জব্দ কৰি বাংলাদেশলৈ বিতাড়িত কৰিব লাগে৷ আমি হিন্দুত্ববাদী সংগঠনে শ্বাহৰুখ খানক সকীয়াই দিওঁ যে যদি বাংলাদেশী ক্রিকেটাৰ ভাৰতলৈ আহে তেন্তে আমি বৃহৎ আন্দোলন গঢ়ি তুলিম৷

You might also like