নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচন-ৰ দিন ঘোষণাৰ পূর্বেই কংগ্রেছত আৰম্ভ টিকটৰ বেচা–কিনা

’২৬ৰ নির্বাচনত ১০০টা সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব বুলি কংগ্রেছে কৰা ঘোষণাক লৈ বিৰোধী ঐক্যৰ মাজত সৃষ্টি হৈ থকা প্রতিক্রিয়াৰ মাজতে মিঞা অধ্যুষিত সমষ্টিত কংগ্রেছৰ টিকটৰ দাম উঠিছে ৩–৪ কোটি টকালৈ৷ সেয়াই নহয়, টিকটপ্রত্যাশীয়ে ৫০ হাজাৰ টকা মাচুলেৰে এই টিকটৰ বাবে কৰিব লাগিব আৱেদন৷

বিধানসভা নির্বাচনক লৈ প্রধান বিৰোধী দলটোৱে শেহতীয়াকৈ ১০০খন আসনত প্রতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণাৰ পিছতেই এই বিস্ফোৰক অভিযোগেৰে দলটোক তীব্র কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

লক্ষণীয়ভাৱে নতুন দিল্লীত গৌৰৱ গগৈয়ে ১০০ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ দল সাজু বুলি ঘোষণা কৰাৰ লগতে প্রতিদ্বন্দ্বিতা কৰিব বিচৰা সম্ভাৱ্য প্রার্থীয়ে ৫০ হাজাৰ টকাৰ মাচুলসহ আবেদন জমা দিব লাগিব বুলিও মন্তব্য কৰিছিল৷

কার্যতঃ গৌৰৱ গগৈৰ এই ঘোষণাক লৈয়ে মুখ্যমন্ত্রীয়ে প্রকাশ কৰিলে বিস্ফোৰক তথ্য৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগত কয়–মিঞা মুছলমানৰ সমষ্টিত কংগ্রেছে প্রতিটো টিকটৰ নামত ৩ কোটি টকাৰ পৰা ৪ কোটি টকা ল’ব৷ এই ধন বিগত নির্বাচনতো সংগ্রহ কৰিছিল৷

সেয়াই নহয়, সম্ভাৱ্য প্রার্থীসকলৰ পৰাও ৫০ হাজাৰ টকাকৈ ল’ব৷ মুখ্যমন্ত্রীয়ে কয়– বিগত নির্বাচনত টিকটৰ নামত ৫০ হাজাৰ টকাকৈ সংগ্রহ কৰাৰ পিছত মিত্রদলে প্রতিদ্বন্দ্বিতা কৰা সমষ্টিৰ বিপৰীতে যিসকল প্রার্থীয়ে আবেদন কৰিছিল তেওঁলোকক ৫০ হাজাৰ টকাটো ঘূৰাই নিদিলে৷ গতিকে কংগ্রেছৰ গোটেই ব্যৱস্থাটোৱেই টকা–পইচাৰ ওপৰত আধাৰিত৷

বিজেপিত টিকট আবেদনৰ বাবে এটকাও দিব নালাগে, টিকটৰ আবেদন মাচুলবিহীন৷ কংগ্রেছত ইতিমধ্যে টিকটক লৈ দৰ–দাম আৰম্ভ হৈছে৷ আনকি কিছু লোকে আগতীয়াকৈ ধনো জমা দিছে৷ মন কৰিবলগীয়া যে নতুন দিল্লীত কংগ্রেছ দলৰ ৰাজনৈতিক পৰিক্রমা বিভাগত এক গুৰুত্বপূর্ণ বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছৰ প্রার্থী হিচাপে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকক ৫ জানুৱাৰীৰ ভিতৰত দলৰ ৱেবছাইটযোগে আৱেদন–পত্র ডাউনলোড কৰি ২০ জানুৱাৰীৰ ভিতৰত ৰাজীৱ ভৱনত এই আবেদন জমা দিবলৈ আহ্বান জনোৱা হৈছে৷

ইয়াৰ বিপৰীতে প্রতি আবেদনকাৰীয়ে প্রতিটো সমষ্টিৰ বিপৰীতে দিব লাগিব ৫০ হাজাৰ টকা৷ গৌৰৱ গগৈয়ে কৰা এই ঘোষণাক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷ লক্ষণীয় দিশটো হ’ল যে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত সমষ্টিত এইবাৰ কংগ্রেছ দলৰ প্রার্থিত্ব বিচাৰি প্রতিটো সমষ্টিতে প্রায় ২০জনকৈ প্রার্থিত্বপ্রত্যাশী থিয় দিছে৷ যাৰ বাবে সমষ্টিসমূহত প্রার্থিত্বৰ দামো বৃদ্ধি পাইছে৷

ইয়াৰ সুযোগ লৈ প্রতিটো সমষ্টিৰ টিকটৰ বাবে ৩–৪ কোটি টকাৰ দৰ–দাম চলিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই অভিযোগ কৰা অনুসৰি বহু সমষ্টিৰ একাংশ প্রার্থিত্বপ্রত্যাশীয়ে দলে বিচৰা অনুসৰিয়ে ধন দিবলৈ ৰাজি হৈ আগতীয়াকৈ জমা দিছে ৫০ শতাংশ ধন৷ কার্যতঃ প্রার্থীৰ ভিৰৰ বাবে দলৰ ভিতৰতেই টিকটৰ বাবে চলা দৰ–দামক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে ক্ষোভ–সন্তুষ্টিৰ৷

ইফালে আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছ দলৰ ফলাফল বিহাৰৰ ফলাফলতকৈও বেয়া হ’ব বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্রীয়ে৷ ঠেলামৰাত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কংগ্রেছক কটাক্ষ কৰি কয়– কংগ্রেছ দলৰ অৱস্থা কি হ’ব সেয়া আমি বিহাৰৰ নির্বাচনত দেখিছোঁ৷ কংগ্রেছ দল এতিয়া জনসাধাৰণৰ পৰা আঁতৰি আহিছে৷

শেহতীয়াকৈ মহাৰাষ্ট্র–হাৰিয়ানা আটাইকেইটা নির্বাচনৰ ফলাফলে কংগ্রেছৰ বিষয়ে ইতিমধ্যে স্পষ্ট কৰি দিয়ে৷ লক্ষণীয়ভাৱে বাকী ৰাজ্যৰ তুলনাত অসমত বহু বেছি উন্নয়নমূলক কাম হৈছে৷ সেয়েহে আমাৰ নির্বাচনী ফলাফল বাকী ৰাজ্যৰ তুলনাত কোনোগুণেই কম নহয়৷ বৰঞ্চ অসমত বিজেপিয়ে আৰু বেছি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব৷

মুখ্যমন্ত্রীয়ে ভোটাৰ তালিকাক লৈ প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে অনা অভিযোগৰো প্রত্যুত্তৰ দিয়ে৷ গৌৰৱ গগৈয়ে সদ্য প্রকাশিত খচৰা ভোটাৰ তালিকাত বাহিৰৰ বহু লোকৰ নাম অন্তর্ভুক্ত হোৱাৰ অভিযোগ তুলিছিল৷

এই প্রসংগত মুখ্যমন্ত্রীয়ে কয়– যদি কোনো অঞ্চলত নতুনকৈ বিহাৰৰ পৰা বা অইন ঠাইৰ পৰা অহা লোকৰ নাম অন্তর্ভুক্ত হৈছে, তেন্তে ৰাইজে আপত্তি কৰিলেই হ’ল৷ ভোটাৰ তালিকা হৈছে ৰাজহুৱা নথি৷ গতিকে ইয়াক লুকাই থ’ব নোৱাৰি৷ অসমখন অশিক্ষিত লোকৰ ৰাজ্য নহয়৷ সকলো শিক্ষিত লোক থাকে৷ যদি কোনোৱে অচিনাকি লোকৰ নাম সমষ্টিসমূহৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত হৈছে, তাক দেখিলেই প্রতিবাদ হ’ব৷

মুখ্যমন্ত্রীয়ে ইয়াকো কয়– কংগ্রেছে জিকিলে ইভিএমক লৈ আপত্তি নকৰে, হাৰিলেহে আপত্তি কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈকো তীব্র কটাক্ষ কৰে৷ তেওঁ কয়– লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ২৬খন আসন লাভ কৰাটো ডাঙৰ কথা নহয়, তেওঁলোকে তাতেই সন্তুষ্ট হ’ব লাগে৷ তেওঁলোকে সেইসংখ্যক আসনৰ যোগ্য নহয়৷ কাৰণ তেওঁলোকৰ কোনো দলীয় সংগঠন নাই৷ দুখন–তিনিখন আসনৰ বাবেহে তেওঁলোকৰ প্রার্থী আছে৷ যদি ২৬খন আসন পায়, ২৬টা সমষ্টিৰ বাবে প্রার্থী বিচাৰোঁতেই তেওঁলোকৰ কষ্ট হ’ব৷

ডিজিটেল ডেস্ক, ৩ জানুৱাৰী

You might also like