নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ ইষ্ট ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল যোৰহাটৰ দুই যুৱতী

নৰ্থ ইষ্ট ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত যোৰহাটৰ নাম উজলাবলৈ সক্ষম হৈছে দুই যুৱতীয়ে। গুৱাহাটীৰ ৰুক্মিণী নগৰ অডিটৰিয়ামত অনুষ্ঠিত হোৱা sprak Mr, Miss, teens নৰ্থ ইষ্ট ইণ্ডিয়া ২০২৫ত খিতাপ অৰ্জন কৰি যোৰহাটলৈ সুনাম কঢ়িয়াই আনিলে হীনা বৰা আৰু জিজ্ঞাসা দেৱীয়ে। তেওঁলোকৰ এই সাফল্যত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া তথা যোৰহাটবাসী ৰাইজ গৌৰৱান্বিত হৈ পৰিছে।

যোৰহাট চন্দন নগৰ নিবাসী হীনা বৰা বৰ্তমান যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ স্নাতক বিভাগত অধ্যয়নৰত। তেওঁৰ মাতৃ জীনা মণি নেওগ বৰা ৪নং আঞ্চলিক মধ্য যোৰহাট পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ পিতৃ শৰৎ চন্দ্ৰ বৰা। আনহাতে পূব যোৰহাট মেলেং পাখিমৰা গাঁৱৰ নিবাসী দেৱজ্যোতি শৰ্মা আৰু জুৰি বুলু শৰ্মাৰ কন্যা জিজ্ঞাসা দেৱী বৰ্তমান আছাম ৰাইফলছ প্লাবিক স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ।

হীনা বৰাই মিছ আৰু জিজ্ঞাসা বৰাই টিন শাখাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে দুয়োগৰাকী যুৱতীয়ে পূৰ্বতেও সৌন্দৰ্য জগতখনত খিতাপ অৰ্জন কৰি যোৰহাটলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁলোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে তেওঁলোকৰ পিতৃ-মাতৃৰ বাবেই এই সাফল্য আঁজুৰি আনিবলৈ সক্ষম হৈছে । পঢ়া-শুনাৰ সমান্তৰালভাৱে দুয়োগৰাকী যুৱতীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে।

নিয়মীয়া বাৰ্তা, কাকজান, ৩ জানুৱাৰী : 

You might also like