নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শততম টেষ্ট খেলি ইতিহাস ঈশান্তৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ শততম টেষ্ট খেলি ভাৰতৰ দ্বিতীয়গৰাকী পেচ বলাৰৰূপে ইতিহাস ৰচিলে ঈশান্ত শর্মাই৷ বিশ্বৰ সর্ববৃহৎ ষ্টেডিয়াম ম’টেৰাত বুধবাৰৰ পৰা ইংলেণ্ডৰ বিপক্ষে আৰম্ভ হোৱা দিবা–নৈশ টেষ্টখনত অৱতীর্ণ হোৱাৰ লগে লগে এই গৌৰৱ অর্জন কৰে তাৰকা পেচ বলাৰগৰাকীয়ে৷ টেষ্টখনৰ আজি প্রথম দিনা তৃতীয়টো অ’ভাৰত ইংলেণ্ডৰ ডম ছিবলেক আউট কৰি ৩২ বছৰীয়া ঈশান্ত শর্মাই কেৰিয়াৰৰ শততম টেষ্টখন স্মৰণীয় কৰি তোলে৷ ২০০৭ চনত বাংলাদেশৰ বিপক্ষে প্রথমখন টেষ্ট খেলা ঈশান্তে এতিয়ালৈকে টীম ইণ্ডিয়াক ১০০খন টেষ্টত প্রতিনিধিত্ব কৰি ৩০৩টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে ঈশান্তৰ পূর্বে শততম টেষ্ট খেলা ভাৰতৰ প্রথমগৰাকী পেচ বলাৰ হ’ল কপিল দেৱ৷ ইপিনে, বুধবাৰে শততম টেষ্টখনত অংশ লোৱা ঈশান্ত শর্মাক সম্বর্ধনা জনাই ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ আৰু গৃহমন্ত্রী অমিত শ্বাহে৷ টেষ্টখন আৰম্ভ হোৱাৰ প্রাকমুহূর্তত ঈশান্ত শর্মাক শততম টেষ্ট খেলাৰ বাবে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে এখন স্মাৰক প্লেট আৰু গৃহমন্ত্রী অমিত শ্বাহে এটা বিশেষ টুপী প্রদান কৰে৷ ইফালে, খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে টীম ইণ্ডিয়াৰ সতীর্থসকলে গার্ড অৱ অনাৰ দিয়ে ঈশান্তক৷ ইপিনে, টেষ্ট ক্রিকেটৰ ইতিহাসত ১০০ বা ততোধিক টেষ্ট খেলা ঈশান্ত শর্মা হ’ল ভাৰতৰ চতুর্থগৰাকী বলাৰ৷ ঈশান্তৰ পূর্বে এই কৃতিত্ব অর্জন কৰা টীম ইণ্ডিয়াৰ আনকেইগৰাকী বলাৰ হ’ল– অনিল কুম্বলে (১৩২), কপিল দেৱ (১৩১) আৰু হৰভজন সিং (১০৩)৷

You might also like