নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ বিষয়ে জানো আহক…

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  আহমেদাবাদৰ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়াম এতিয়া বিশ্বৰ বৃহত্তম ক্রিকেট ষ্টেডিয়াম৷ দেশৰ বাবে ই গৌৰৱৰ বিষয়৷ –এই মন্তব্য ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ৷ বুধবাৰে গুজৰাটৰ আহমেদাবাদত চর্দাৰ বল্লভভাই পেটেল স্প’টছ এনক্লেভৰ আধাৰশিলা স্থাপন আৰু নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰি ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে এই মন্তব্য আগবঢ়াই কয় যে নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়াম কেৱল বিশ্বৰ বৃহত্তমেই নহয়, এই ষ্টেডিয়ামত আছে বিশ্ব শ্রেণীৰ সুবিধা৷ বুধবাৰে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামখন ৰাষ্ট্রপতি কোৱিন্দে উদ্বোধন কৰাৰ লগে লগে বিশ্বৰ বৃহত্তম ক্রিকেট ষ্টেডিয়াম হিচাপে স্বীকৃতি লাভ কৰে৷

এই ষ্টেডিয়ামৰ বৈশিষ্ট্য সমূহ এনেধৰণৰঃ 

  • এই ষ্টেডিয়ামখনত ১ লাখ ১০ হাজাৰ লোকে আসন গ্ৰহণ কৰিব পাৰে।
  • এই ষ্টেডিয়ামখনত আছে ৪ টা বিশাল ড্ৰেছিং ৰুম।
  • আনহাতে সৰ্ববৃহত ষ্টেডিয়াম খনত আছে ৭৬ টা কৰ্পৰেট বক্স আৰু প্ৰতিটো বক্সত ২৫ জনকৈ দৰ্শকৰ বাবে আসন আছে ।

  • এই বিশাল এলেকাৰ মাজতে আছে এটা অলিম্পিক ছাইজ ছুমিং পুল, ৫৫ টা কোঠাৰ ক্লাব হাউচ, এটা জিম, থ্ৰী- ডি প্ৰজেক্টৰ থিয়েটাৰ লগতে বহুকেইখন ৰেস্তোৰাঁ।
  • আনহাতে বৰষুণৰ পানী বাহিৰ কৰিবলৈ আছে ষ্টেডিয়ামখনত আছে অত্যাধুনিক ব্যৱস্থা। বৰষুণৰ হোৱাৰ আধাঘণ্টাৰ পিছতে খেল আৰম্ভ হ’ব।

উল্লেখ্য যে ইয়াৰ পাছতেই মেলবৰ্ন ক্ৰিকেট ষ্টেডিয়ামত দৰ্শক ধাৰণ কৰাৰ ক্ষমতা ৯০০০০ জন। মন কৰিবলগীয়া যে লাৰছন এণ্ড কোম্পানীয়ে ৮০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ষ্টেডিয়ামখন।

You might also like