নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস পুৰুষৰ চেম্পিয়নছ লীগত মহিলা ৰেফাৰী

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ পুৰুষৰ চেম্পিয়নছ লীগৰ এখন মেচ পৰিচালনা কৰি ইতিহাস ৰচিলে এগৰাকী মহিলা ৰেফাৰীয়ে৷ ফ্রান্সৰ ষ্টেফানি ফ্রাপার্ট নামৰ মহিলা ৰেফাৰীগৰাকীয়ে বুধবাৰে নিশা ইটালীৰ টুৰিনত জুভেণ্টাছ আৰু ডায়নামো কাইভৰ মাজত অনুষ্ঠিত চেম্পিয়নছ লীগৰ মেচখন পৰিচালনা কৰি বিৰল অভিলেখৰ গৰাকী হয়৷

উৱেফাই নিজৰ টুইটাৰ একাউণ্টত এই কৃতিত্বৰ বাবে ৩৬ বছৰীয়া ষ্টেফানিক অভিনন্দন জনাই কৈছে যে মহিলা সবলীকৰণৰ ক্ষেত্রত ষ্টেফানিৰ এই কৃতিত্ব প্রেৰণাদায়ী৷ উল্লেখ্য যে যোৱা বছৰ মহিলা ৰেফাৰীগৰাকীয়ে লিভাৰপুল আৰু চেলছিৰ মাজত অনুষ্ঠিত পুৰুষৰ উৱেফা ছুপাৰ কাপৰ ফাইনেল মেচখন দক্ষতাৰে পৰিচালনা কৰিছিল৷ ইয়াৰ পূর্বে ২০১৯ৰ এপ্রিলত ফ্রান্স লীগ ৱানৰ এখন মেচতো ষ্টেফানিক ৰেফাৰীৰ ৰূপত দেখিবলৈ পোৱা গৈছিল৷

ইফালে, চেম্পিয়নছ লীগৰ দৰে আগশাৰীৰ পুৰুষৰ ফুটবলত মেচ পৰিচালনা কৰি বিশ্বৰ ফুটবল অনুৰাগীৰ প্রশংসা আদায় কৰিছে ফ্রান্সৰ মহিলা ৰেফাৰীগৰাকীয়ে

You might also like