নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাৰত–ষ্ট্রেলিয়াৰ প্রথম টি–২০ মেচ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ তৃতীয় তথা অন্তিম এদিনীয়াত অষ্ট্রেলিয়াক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি প্রথম টি–২০ত জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ কেনবেৰাৰ মানুকা অভেলত অনুষ্ঠিত হ’বলগীয়া মেচখনত জয়েৰে বিৰাট কোহলি নেতৃত্বাধীন আলহী দলটোৱে শৃংখলাত সুন্দৰ আৰম্ভণি ঘটোৱাৰ সংকল্প লৈছে৷ সঞ্জু ছেমছন, ৱাশ্বিংটন সুন্দৰ, দীপক চহৰ আদিৰ দৰে উদীয়মান তাৰকাৰ আগমনে টি–২০ দলটোৰ ভাৰসাম্য বৃদ্ধি কৰিব৷

অন্তিম এদিনীয়াত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰা য়র্কাৰ বিশেষজ্ঞ বাঁওহতীয়া বেগী বলাৰ টি নটৰাজন আজি ভাৰতীয় বেগী বলিং আক্রমণৰ অন্যতম অস্ত্র হ’ব৷ অভিষেক মেচত দুটা উইকেট দখল কৰি ইতিমধ্যে তেওঁ প্রতিভাৰ প্রমাণ দিবলৈ সক্ষম হৈছে৷ আই পি এলত চমকপ্রদ প্রদর্শন দাঙি ধৰা ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ বাঁওহতীয়া স্পীনাৰ ৱাশ্বিংটন সুন্দৰো প্রথম টি–২০ত আত্মবিশ্বাসেৰে খেলপথাৰত নামিব৷ তেওঁৰ অন্তর্ভুক্তিয়ে ভাৰতীয় দলৰ বেটিং লাইনআপকো কিছু শক্তিশালী কৰিব৷ বেটিঙত লোকেশ ৰাহুলে আজি শিখৰ ধাৱনৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷

চলিত বর্ষৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা টি–২০ শৃংখলাটো তেওঁ ভাৰতীয় দলৰ অ’পেনাৰৰ ভূমিকা পালন কৰিছিল৷ সুন্দৰ ফর্মত থকা অধিনায়ক কোহলিৰ পৰা দলে আক্রমণাত্মক বেটিং প্রদর্শনৰ আশা কৰিব৷ মিডল অর্ডাৰত শ্রেয়াছ আয়াৰ আৰু মনীষ পাণ্ডেই ভাৰতীয় বেটিং বিভাগৰ প্রত্যাশা পূৰণ কৰিব লাগিব৷

ইফালে, এদিনীয়া শৃংখলা জয়ৰ পিছত ঘৰুৱা দল অষ্ট্রেলিয়াই টি–২০তো আধিপত্য বিস্তাৰৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ অৱশ্যে তাৰকা অ’পেনাৰ ডেভিদ ৱার্নাৰৰ অনুপস্থিতিয়ে দলটোক কিছু উদ্বিগ্ন কৰিছে৷ তেওঁৰ স্থানত আজি মার্কাছ ষ্টইনিছে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ ভাৰতৰ শক্তিশালী বেটিং লাইনআপক প্রতিহত কৰিবলৈ সাজু হৈ আছে পেট কামিনছ, মিচেল ষ্টার্ক আৰু আডাম জাম্পাৰ দৰে তাৰকা৷

মন কৰিবলগীয়া যে অষ্ট্রেলিয়াৰ মাটিত ভাৰতে কেতিয়াও টি–২০ শৃংখলা হেৰুওৱা নাই৷ এতিয়ালৈকে খেলা ৯খন মেচত ভাৰতে পাঁচখনতে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷

খেলৰ সময়ঃ দুপৰীয়া ১.৪০ বজা৷

You might also like