নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আউটড’ৰ অনুশীলনত নামিল ভাৰতীয় হকী দল

নিয়মীয়া বাৰ্তা, ৫ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে যোৱা তিনি মাহ ধৰি ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা খেলুৱৈসকলে ক্রমাৎ পুনৰ অনুশীলনত নমা দেখা গৈছে৷ ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল দুটায়ো কালিৰে পৰা আউটড’ৰ অনুশীলন পুনৰ আৰম্ভ কৰিছে৷

ভাৰতীয় ক্রীড়া প্রাধিকৰণে বান্ধি দিয়া নীতি–নিয়ম আৰু সামাজিক দূৰত্ব বর্তাই ৰাখি খেলুৱৈসকলে শৃংখলাবদ্ধ আৰু পর্যায়ক্রমে অনুশীলন চলায়৷ হকী ইণ্ডিয়াই বৃহস্পতিবাৰে এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে৷

উল্লেখ্য যে মহামাৰী প্রতিৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে জাৰি কৰা লকডাউনৰ সময়ছোৱাত ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল দুটা বাংগালুৰুস্থিত ছাই ইনড’ৰ ষ্টেডিয়ামত আবদ্ধ হৈ আছিল৷ এই সময়ছোৱাত তেওঁলোকে ইনড’ৰ অনুশীলন চলাই যায় যদিও আউটড’ৰ অনুশীলন চলোৱাটো সম্ভৱ হোৱা নাছিল৷ মন কৰিবলগীয়া যে ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলে আগন্তুক টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ হকী ইণ্ডিয়াই আজি জানিবলৈ দিয়া অনুসৰি, দীর্ঘদিনৰ বিৰতিত আউটড’ৰ অনুশীলনলৈ ওভতা খেলুৱৈসকলক আঘাতৰ পৰা মুক্ত কৰি ৰাখিবলৈ যথেষ্ট সতর্কতাৰে কম সময়ৰ বাবে অনুশীলনৰ অনুমতি দিয়া হৈছে৷ ইফালে, ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলেও আজিৰে পৰা অনুশীলনত নমা দেখা গৈছে৷

অশ্বিনী পোনাপ্পা আৰু লক্ষ্য সেনকে ধৰি প্রায় ২০গৰাকী ভাৰতীয় শ্বাটলাৰে বাংগালুৰুস্থিত প্রকাশ পাডুকন বেডমিণ্টন একাডেমীত নিয়মীয়া অনুশীলন আৰম্ভ কৰিছে৷ ভাৰতীয় ক্রীড়া প্রাধিকৰণে বান্ধি দিয়া নিয়ম অনুসৰণ কৰি তেওঁলোকে পুনৰ অনুশীলনত নমা বুলি একাডেমীটোৰ মুখ্য প্রশিক্ষক আৰু সঞ্চালক বিমল কুমাৰে জানিবলৈ দিছে৷ একাডেমীটোৰ মুঠ ৬৫গৰাকী প্রশিক্ষার্থীৰ অধিকাংশই সম্প্রতি বাংগালুৰু চহৰৰ বাহিৰত থকা বুলিও বিমল কুমাৰে প্রকাশ কৰে৷ উল্লেখ্য যে একাডেমীটোত অসমৰো কেইগৰাকীমান প্রশিক্ষার্থী আছে৷

You might also like